Deprecated: http_build_query(): Passing null to parameter #2 ($numeric_prefix) of type string is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/campaign_builder.php on line 163

Deprecated: Creation of dynamic property IAWP\Independent_Analytics::$settings is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/independent_analytics.php on line 21

Deprecated: Creation of dynamic property WP_Review_Me::$days is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 81

Deprecated: Creation of dynamic property WP_Review_Me::$type is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 82

Deprecated: Creation of dynamic property WP_Review_Me::$slug is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 83

Deprecated: Creation of dynamic property WP_Review_Me::$rating is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 84

Deprecated: Creation of dynamic property WP_Review_Me::$message is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 85

Deprecated: Creation of dynamic property WP_Review_Me::$link_label is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 86

Deprecated: Creation of dynamic property WP_Review_Me::$cap is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 87

Deprecated: Creation of dynamic property WP_Review_Me::$scope is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 88

Deprecated: Return type of Requests_Cookie_Jar::offsetExists($key) should either be compatible with ArrayAccess::offsetExists(mixed $offset): bool, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Cookie/Jar.php on line 63

Deprecated: Return type of Requests_Cookie_Jar::offsetGet($key) should either be compatible with ArrayAccess::offsetGet(mixed $offset): mixed, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Cookie/Jar.php on line 73

Deprecated: Return type of Requests_Cookie_Jar::offsetSet($key, $value) should either be compatible with ArrayAccess::offsetSet(mixed $offset, mixed $value): void, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Cookie/Jar.php on line 89

Deprecated: Return type of Requests_Cookie_Jar::offsetUnset($key) should either be compatible with ArrayAccess::offsetUnset(mixed $offset): void, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Cookie/Jar.php on line 102

Deprecated: Return type of Requests_Cookie_Jar::getIterator() should either be compatible with IteratorAggregate::getIterator(): Traversable, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Cookie/Jar.php on line 111

Deprecated: Return type of Requests_Utility_CaseInsensitiveDictionary::offsetExists($key) should either be compatible with ArrayAccess::offsetExists(mixed $offset): bool, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Utility/CaseInsensitiveDictionary.php on line 40

Deprecated: Return type of Requests_Utility_CaseInsensitiveDictionary::offsetGet($key) should either be compatible with ArrayAccess::offsetGet(mixed $offset): mixed, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Utility/CaseInsensitiveDictionary.php on line 51

Deprecated: Return type of Requests_Utility_CaseInsensitiveDictionary::offsetSet($key, $value) should either be compatible with ArrayAccess::offsetSet(mixed $offset, mixed $value): void, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Utility/CaseInsensitiveDictionary.php on line 68

Deprecated: Return type of Requests_Utility_CaseInsensitiveDictionary::offsetUnset($key) should either be compatible with ArrayAccess::offsetUnset(mixed $offset): void, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Utility/CaseInsensitiveDictionary.php on line 82

Deprecated: Return type of Requests_Utility_CaseInsensitiveDictionary::getIterator() should either be compatible with IteratorAggregate::getIterator(): Traversable, or the #[\ReturnTypeWillChange] attribute should be used to temporarily suppress the notice in /home/manojg/manojgoswami.com/html/wp-includes/Requests/Utility/CaseInsensitiveDictionary.php on line 91
কবি নীলমণিৰ ‘নাইটমেয়াৰ’ – Manoj Kumar Goswami Skip to content

কবি নীলমণিৰ ‘নাইটমেয়াৰ’

Last updated on September 30, 2022

টোপনিতো তেওঁ মোক খেদি ফুৰিছিল/তেওঁ বাৰু এতিয়া ক’ত আছে/আছেনে বাৰু তেওঁৰ মুখত/সেই উভালি পৰা এজোপা গছ/ওঁঠ দুখনত আছেনে বৈ/পানী ৰঙা হোৱা দুখন নৈ/আছেনে বাৰু তেওঁৰ দুচকুত/সেই দুটা ক’লা ঘোঁৰা/আজিও মোৰ নিতৌ নিশা/কলিজা গচকি ৰয়৷ [১১, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে]

ষাঠিৰ দশকৰ শেষৰ পিনৰ নীলমণি ফুকনৰ এই কবিতাটো তেওঁৰ আন বহু কবিতাৰ দৰেই অৰ্থ-ব্যঞ্জনা, ধ্বনি, ৰূপ-কল্পৰে সাৰ্থক৷ তেন্তে এই কবিতাটোৰ কোনো বিশেষ প্ৰাসংগিকতা আছে নেকি? হয়, এনে দুটামান কবিতাক লৈ এটা সময়ত কবিক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰা হৈছিল যে নীলমণি ফুকনে চৰম হতাশাত কবিতা লিখা চিৰদিনৰ বাবে ত্যাগ কৰাৰ কথাই ভাবিছিল৷ সেয়া সত্তৰ দশকৰ প্ৰথমছোৱাৰ কথা৷ তেতিয়াৰ জনপ্ৰিয় আলোচনী ‘আমাৰ প্ৰতিনিধি’ত [সম্পাদক ভূপেন হাজৰিকা] নীলমণি ফুকনৰ কবিতাক লৈ এক বিশেষ অভিযোগ উত্থাপিত হ’ল৷ আলোচনীখনত গুৰুত্বসহকাৰে ছপোৱা এক অখ্যাত লেখকৰ নিবন্ধটিত দাবী কৰা হ’ল যে ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’কে ধৰি ফুকনৰ একাধিক কবিতা বিদেশী কবিতাৰ আক্ষৰিক নকল৷ ফুকনৰ বিৰুদ্ধে সাধাৰণ কুম্ভীলক বৃত্তিৰ অভিযোগেই নহয়, দাবী কৰা হ’ল যে Echo নামৰ এখন স্পেনিছ আলোচনীত প্ৰকাশিত ফেলিপ কেমিন’ নামৰ এক কবিৰ ‘নাইটমেয়াৰ’ কবিতাটোৰ আক্ষৰিক অনুবাদ ফুকনৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটো৷ লেখকে মাথোঁ স্পেনিছ কবিজনৰ নাম উল্লেখ কৰিয়েই ক্ষান্ত থকা নাই, Echo নামৰ আলোচনীখনৰ ছবি আৰু তাত প্ৰকাশিত কবিতাটোও নিবন্ধটিত সন্নিৱিষ্ট কৰিছিল৷ লগে লগে অসমৰ লেখক-বুদ্ধিজীৱী মহলত হৈ-চৈ লাগি গ’ল৷

ভাগ্য ভাল যে তেতিয়া আজিৰ এই আগ্ৰাসী মিডিয়া বা ছ’চিয়েল মিডিয়া নাছিল৷ নহ’লে কবি নীলমণি ফুকনৰ ‘কুম্ভীলক বৃত্তি’ক লৈ নিৰ্দয় ট্ৰ’ল হ’বলৈ বেছি সময় নালাগিলহেঁতেন৷ আজিকালিতো দুৰ্ধৰ্ষ ৰাজনীতিকেও ‘কবিতা’ সৃষ্টি কৰে আৰু প্ৰতিপক্ষয়ো হেলাৰঙে কাব্য সমালোচকৰ ভূমিকাত অৱতীৰ্ণ হয়৷

বেছি সময় অৱশ্যে ৰ’ব লগা নহ’ল৷ ধৰা পৰি গ’ল যে নীলমণি ফুকনৰ কবিতাৰ বিষোদগাৰ কৰি লিখা নিবন্ধকাৰজন ভুৱা৷ তেওঁৰ কোনো অস্তিত্বই নাই৷ সমসাময়িক দুজন ‘সাহিত্যিকে’ এই কাণ্ডটো কৰিছে৷ Echo নামৰ তথাকথিত স্পেনিছ আলোচনীখনৰ দুটা ক’পী ছপোৱা হৈছিল উজান বজাৰৰ কোনো ছপাশালত৷ লিয়ন ফিলিপ কেমিন’ বুলিও এই বিশ্বব্ৰহ্মাণ্ডত কোনো কবি নাই৷ সকলো সেই সাহিত্যিকদ্বয়ৰ মনেসজা৷ কবি ফুকনক অস্বস্তিত পেলাই অৱমাননা কৰাই তেওঁলোকৰ লক্ষ্য৷ তেতিয়া গুগ্‌ল নাছিল, সেই ‘সুবিধা’ও পাইছিল তেওঁলোকে৷ এই ৰহস্যময় স্পেনিছ কবিৰ উৱাদিহ উলিওৱাও সহজ নাছিল৷

কবিৰ বিৰুদ্ধে এই চক্ৰান্তকাৰীসকল ব্যৰ্থ হ’ল নেকি? আপাত দৃষ্টিত তেওঁলোকক নিৰস্ত্ৰ কৰা যেন লাগিলেও কবি নীলমণি কিন্তু এই ঘটনাটোৰ পাছত বিধ্বস্ত হৈ পৰিছিল৷ গুজব আৰু সমালোচনাত আহত, ৰক্তাক্ত কবিয়ে এসময়ত কবিতা লিখিবলৈ এৰি দিয়াৰ কথাও ভাবিছিল৷ বহুদিন কবিতা লিখা নাছিলো৷ তাৰ সলনি নীলমণি ফুকনে অনুবাদত মনোনিৱেশ কৰিছিল, বা মাজে মাজে দুটামান কবিতা লিখি হঠাৎ দীৰ্ঘ বিৰতি লৈছিল৷ এজন সংবেদনশীল কবিক অহেতুক আক্ৰমণ কৰি এইদৰে তেওঁৰ সৃষ্টিশীলতাত যতি পেলোৱাৰ অপচেষ্টা কৰা হৈছিল৷

‘মনটো ভাঙি-মুচৰি কলিজা ক’লা পেলাই যোৱা অনেক মনোকষ্ট পাইছোঁ জীৱনত৷’ এটা সাক্ষাৎকাৰত কবিয়ে স্বীকাৰ কৰিছে৷ এই লিয়ন ফিলিপ কেমিন’ চক্ৰান্ত সন্দৰ্ভত কবিৰ ভাষ্য– সেয়া অপচেষ্টাই আছিল, ব্যৰ্থ হ’ল৷ …কেতিয়াবা মনলৈ আহিলে এটা কথা ভাবি অন্ততঃ ভাল লাগে, কিবা এটা জোৰ পাওঁ৷ ভাল লাগে ভাবি এই কাৰণেই যে, তেতিয়াৰ সাৰস্বত সমাজখনৰ কিছুসংখ্যক লোকে গোটেই অপচেষ্টাটোকেই কূট-ঈৰ্ষামূলক এটা দুষ্টচক্ৰৰ কাম বুলি বুজি পাইছিল৷ বুজি পাইছিল যে অসমৰ শিল্পী-কবি-সাহিত্যিকৰ সমাজখনো তলে তলে কিছুমান সামাজিক-সাংস্কৃতিক ব্যাধিৰ দ্বাৰা সংক্ৰমিত হৈছে!

আনকি এই গোটেই কাণ্ডটোক লৈ কেইবাজনো অগ্ৰজ সাংবাদিক-সাহিত্যিকৰ উদ্যোগত ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত এখন সভাও হয়৷ ড॰ সত্যেন্দ্ৰ নাথ শৰ্মাই সভাপতিত্ব কৰা সেই সভাত কবি নীলমণিক হেয় কৰাৰ সেই হীন প্ৰচেষ্টাক গৰিহণা দিয়া হৈছিল৷ কিছুদিনৰ পাছত কবি সমালোচক ভৱেন বৰুৱাই ‘সংজ্ঞা’ নামৰ অধুনালুপ্ত সাহিত্য আলোচনীত ফুকনৰ ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটো কিয় আন কবিতাৰ নকল হ’ব নোৱাৰে তাক লৈ এক সুদীৰ্ঘ তথ্যগধুৰ বিশ্লেষণাত্মক প্ৰবন্ধ লিখিছিল– যিটো অসমীয়া কাব্য সমালোচনাৰ ইতিহাসৰে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ ৰ’ল৷ তেওঁ ফুকনৰ কবিতাৰ ‘অন্তৰ্নিহিত প্ৰামাণিকতা’ৰ সূত্ৰৰে দেখুৱাইছিল যে কি অৰ্থত জনৈক লিয়ন ফিলিপ কেমিন’ৰ ‘নাইটমেয়াৰ’ নামৰ তথাকথিত কবিতাটোৰ বাস্তৱ অস্তিত্বটোৱেও ফুকনৰ কবিতাক স্পৰ্শ কৰিব নোৱাৰে৷

নীলমণি ফুকনৰ বিৰুদ্ধে এই চক্ৰান্তৰ কাৰণ ঈৰ্ষা বা অসূয়া যিয়েই হওক, সি কিন্তু এটা কথা প্ৰমাণ কৰিছিল যে ইয়াৰ বিপৰীতে সৃষ্টিশীল, সংস্কৃত, ৰুচিবোধৰ ধাৰাটোও সমানে শক্তিশালী আছিল৷ আজি এই আত্মকেন্দ্ৰিকতাৰ যুগত বা মিডিয়া-ছ’চিয়েল মিডিয়াত নিৰ্বিচাৰ সমালোচনাৰ যুগত এজন কবিয়ে সাহিত্য-সমাজৰ এই সমৰ্থন পালেহেঁতেননে? নক’লেও হ’ব, কবি নীলমণিৰ বিৰুদ্ধে যি দুজন কবি-যশপ্ৰাৰ্থীয়ে এই দুষ্ট পৰিকল্পনাটো ৰচনা কৰিছিল, তেওঁলোক আজি কালৰ সোঁতত হেৰাই গ’ল৷ ৰৈ গ’ল নীলমণি ফুকন আৰু তেওঁৰ সৃষ্টিৰাজি৷

ঘটনাটো এই কাৰণেই উল্লেখ কৰিলোঁ, মাথোঁ মতাদৰ্শৰ সংঘাতেই নহয় ব্যক্তিগত অসূয়ায়ো কেতিয়াবা চূড়ান্ত ৰূপ লৈছে৷ আনকি ৰাজনৈতিক, সামাজিক ক্ষেত্ৰৰ উপৰি সাহিত্য-সংস্কৃতিতো ৷ ভূপেন হাজৰিকাই নীলমণি ফুকনৰ বিৰুদ্ধে ভুৱা অভিযোগ অনা ছদ্মনামী লেখকৰ প্ৰবন্ধ ছপাইছিল, ড॰ হীৰেন গোহাঁয়ে সৌৰভ চলিহাৰ সৃষ্টিক তাড়িখানাৰ গল্প-গুজবতকৈ অলপহে উন্নত বুলি বা ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা প্ৰদানৰ পাছত বঁটাটোকে অশালীন মন্তব্যৰে ভূষিত কৰি নিবন্ধ লিখি চূড়ান্ত অসহনশীলতাৰ পৰিচয় দিছিল৷ শেষৰ উদাহৰণটোৰ ক্ষেত্ৰত বাতৰিকাকতখনৰ সম্পাদক আছিল ৰাধিকামোহন ভাগৱতী, ডঃ গোহাঁইৰ এটা শব্দও সম্পাদনা কৰা হোৱা নাছিল৷

নীলমণি ফুকনৰ কবিতাত অৱশ্যেই স্পেনিছ আৰু জাপানী কবিতাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ দেখা যায়৷ তেওঁ লৰ্‌কা অনুবাদ কৰিছে, বাচো-হিতোমাৰো অনুবাদ কৰিছে৷ ফুকনৰ ‘বিচিত্ৰ লেখা’ নামৰ কিতাপখনত থকা ‘এটা গ্ৰীক লোকগীত’হে মোৰ দৃষ্টিত ফিলিপ কেমিন’ৰ ‘নাইটমেয়াৰ’তকৈ বেছি ওচৰ চপা–

ৰঙা ওঁঠ দুখনত চুমা খালোঁ/আৰু মোৰ ওঁঠ দুখন ৰঙা হ’ল…/…নৈখনত ৰুমাল ধুলোঁ/আৰু নৈখনৰ পানীও ৰঙা হ’ল৷

কবি নীলমণিয়ে স্বীকাৰ কৰিছে যে স্পেনিছ কবিতাৰ মাজত তেওঁ নিজকে আৱিষ্কাৰ কৰাৰ এটা চেষ্টা আৰম্ভ কৰিছিল– ‘সেই যত্নটো মোৰ আৰম্ভ হৈছিল অসমীয়া লোক-কবিতাৰ পৰাই৷ মই লৰ্‌কাৰ কিছুমান স্পেনিছ কপ্‌লা* অনুবাদ কৰি দেখুৱাই দিলোঁ, কেনেকৈ বিহুনামৰ লগত তাৰ সাদৃশ্য আছে৷ আৰু সেইবোৰ কপ্‌লা বহু স্পেনিছ কবিয়ে তেওঁলোকৰ কবিতাৰ মাজলৈ নিছে৷ [*কপ্‌লা অৱশ্যে খুব পুৰণি কলা নহয়৷ কুৰি শতিকাৰ প্ৰথমভাগৰ পৰা স্পেইনত পৰম্পৰাগত গীত আৰু কথাৰ এই কলাসুলভ সমন্বয় জনপ্ৰিয় হয়৷ যেনে– ধুনীয়াজনী ধুনীয়াজনী মোৰ/চৌদা পানীৰ বটলৰ দৰে/নাচে শৰীৰ তোৰ]

সেইদৰে ফুকনৰ কবিতাৰ মাজতো স্বাভাৱিকভাৱে বহু কবিৰ সৃষ্টিৰ প্ৰতিধ্বনি শুনা গৈছে৷ কবিৰ অকপট স্বীকাৰোক্তি– ‘প্ৰতিধ্বনি নহয়, একোটা শাৰীয়েই সোমাই আছে মোৰ কোনো কোনো কবিতাত৷ কামটো সজ্ঞানে অৰ্থাৎ কোনো টোকাবহী মেলি কৰা নাই৷ লিখি থাকোঁতেই কেতিয়াবা আন কবিৰ দুটা-এটা শাৰী নিজে নিজেই আহি সোমায়হি৷ নিশ্চয় নিৰ্জ্ঞান মনত তাৰ বাবে এটা পূৰ্ব প্ৰস্তুতি থাকে, আৰু কবিতাটোৰ ভাব-অনুভূতিৰ প্ৰৱাহে শাৰীটো ঠিক ঠাইলৈ লৈ আহে আৰু কবিতাটোৰ আন শাৰীবোৰৰ লগত শাৰী পূৰাই বহি যায়৷ অহাৰ পাছতেই গম পাওঁ এইটো দেখোন অমুকৰ শাৰী৷ কেতিয়াবা বহু সময়লৈকে ভাবি উলিয়াব নোৱাৰোঁ শাৰীটো কাৰ৷ এনেকৈয়ে অহা এটা বা ততোধিক শাৰীয়ে মোৰ কবিতাটোক দিয়ে এটা নতুন মাত্ৰা, তাৰ অৰ্থ আৰু ব্যঞ্জনাক দিয়ে এটা ব্যাপ্তি এটা গাম্ভীৰ্য৷ কেতিয়াবা আকৌ শাৰীটোৱে মোৰ কবিতাটোৰ ভাবমণ্ডলত মোট সলাই এটা নতুন অৰ্থ কৰে, সম্পূৰ্ণকৈ মোৰ আৱেগ-অনুভূতিৰ বাহন হৈ পৰে৷’

নীলমণি ফুকনে এটা সাক্ষাৎকাৰত স্বীকাৰো কৰিছোঁ যে নৱকান্ত বৰুৱা আৰু জীৱনানন্দ পঢ়িয়েই তেওঁৰ কবিমন অংকুৰিত হৈছিল– ‘জীৱনানন্দৰ কবিতাৰ চিত্ৰধৰ্মী চৰিত্ৰই, তেওঁৰ নিসৰ্গ আৰু মৃত্যু-চেতনাই বিষণ্ণ মগ্ন নিৰ্জন এখন আধ্যাত্মিক জগতলৈ মোক লৈ গৈছিল, য’ত এক প্ৰশান্তিময় বিস্তীৰ্ণ নিৰ্জন সেউজীয়া পৃথিৱীৰ সকলো কান্দোন আৰ্তি-আৰ্তনাদ মাৰ গৈছিল; মাৰ গৈছিল আনন্দ কল্লোল হ’বলৈ, চৰাইৰ মাত, হৰিণাৰ চিঞৰ, ঢেঁকীয়া হিজল গছ, নগ্ন নিৰ্জন হাত, আঘোণৰ গোন্ধ আৰু ৰ’দ, ‘সোণালী ডানাৰ চিল’ আৰু ‘সাতটি তাৰাৰ তিমিৰ’ হ’বলৈ, এটা বোধ হ’বলৈ৷’

৫০ৰ পৰা ৮০লৈ অসমীয়া কবিতাৰ সোণালী দশককেইটাত খ্যাতিমান কবিসকলৰ মাজত কবি নীলমণি ফুকন যে এক ব্যতিক্ৰম, তেওঁৰ কবিতাই তাৰ প্ৰমাণ৷ বিশ্বৰ কাব্য প্ৰৱাহৰ সৈতে তেওঁ অসমীয়াৰ আত্মিক সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল৷ দীৰ্ঘদিনৰ কলা-শিল্পৰ চৰ্চা, নৃতাত্ত্বিক দিশৰ একান্ত চিন্তা আৰু আনফালে কালাৰ এপিথেট আৰু ভিজুৱেল মেটাফৰৰ ব্যৱহাৰে নীলমণি ফুকনক আনতকৈ পৃথক কৰি তুলিছে৷ সমস্যা হৈছে, নীলমণিৰ কবিতাক বুজিবৰ বাবে পাঠকৰ অধ্যয়ন আৰু চৰ্চাও জৰুৰী৷ দেৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য আনকি মহিম বৰাৰ কবিতা যিদৰে সহজপাঠ্য, তেওঁলোকৰ কাব্যছন্দই যিদৰে পাঠকক আকৰ্ষিত কৰে, সেয়া কিন্তু নীলমণি ফুকনৰ কবিতাত পোৱা নাযায়৷ জনপ্ৰিয় বহু কবিয়ে কেতিয়াবা উৎসাহত বা হতাশাত গিমিকৰ আশ্ৰয় লয়, তেনে কাণ্ডও নীলমণিৰ কবিতাত দুৰ্লভ৷ কবিৰ নিজৰ ভাষাতেই– ‘কবিতাৰ জনপ্ৰিয়তাৰ কথাটোৰ লগত ভালেমান কথা জড়িত হৈ আছে৷ ঐতিহাসিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, নান্দনিক৷ কবিতা এতিয়া আৰু জনপ্ৰিয় কলা নহয়৷ কোনো কোনো কবিৰ নামহে জনপ্ৰিয়৷ বোডলেয়াৰৰ সময়ৰ পৰাই কবিতাই জনপ্ৰিয়তা হেৰুৱাইছে বুলিব পাৰে৷’

নীলমণি ফুকনৰ বহু কবিতাত যৌনতা, দেহজ প্ৰেম বা কেতিয়াবা নৰ-নাৰীৰ চূড়ান্ত মিলনৰ উচ্ছাৰণ হৈছে, কিন্তু তাৰ প্ৰকাশ ঘটিছে অতি পৰিমিতভাৱে, শব্দ-সংযম আৰু নান্দনিকতাত কোনো আঁচোৰ নপৰাকৈ–

‘থোৰ মেলা তালপাতটোত/ধাৰাসাৰ বৰষুণজাক/তোমাৰ স্তনৰ ৰক্ত তোমাৰ ওঁঠত৷’ [মৈথুন সংগীত]

কবি জীৱনৰ শেষৰ পিনে নীলমণি ফুকনৰ সৃষ্টিত সামাজিক সমালোচনাৰ এটা সুৰ প্ৰতিধ্বনিত হৈছিল, সেই বিৱৰ্তনো কিন্তু খুব সূক্ষ্ম আৰু কাব্যিকতাৰ সকলো মান স্বীকাৰ কৰি৷ এইক্ষেত্ৰত আন সমসাময়িক যশস্বী কবিৰ দৰে ফুকনৰ কবিতাত উগ্ৰতা বা শ্লোগান নাছিল–

গাঁওখন তেতিয়া এজাক/ঢোঁৰা কাউৰী হৈ উৰি গ’ল/কুকুহা হৈ ধানবোৰ/পকা ডালিমৰ গুটিৰ দৰে পাতবোৰ/যেতিয়া ছাই হ’ল৷ [আৰু তেতিয়াই অজ্ঞান হৈ পৰিছিলোঁ]

অথবা,

কেনে আছোঁ মোক নুসুধিবা/ময়ো মোক সোধা নাই/কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী/যোৱাৰাতি মই কি আছিলোঁ/ৰজা সন্ন্যাসী কৃষক শ্ৰমিক/প্ৰেমিক নক্সাল কবি/চিকাৰৰ পিছত পানী বিচাৰি ফুৰা এটা বাঘ/কি আছিলোঁ পাহৰিলোঁ [৪২, কবিতা]

আনকি এফালে দৰ্শনমুখী আৱেগ আৰু বিমূৰ্ত চিন্তাগত ভাষা, আনফালে গদ্যছন্দ আৰু যথাৰ্থ কাব্যিক সাৰ্থকতাৰ এই কবিতাটো চাওক৷ অনুশীলন নাথাকিলে, কাব্যবোধ নাথাকিলে এনে কবিতাৰ ৰসাস্বাদন সম্ভৱনে?

এটি শিশুৰ স’তে/ৰে’লেৰে গৈ থাকোঁতে/আন্ধাৰে নুৰিয়াই নিয়ে/এৰি অহা ছায়াৰ পথ/আমাৰ মাজেদি পাৰ হৈ যায়/দূৰৰ মায়াৰ উদ্ভিদ/এটি শিশুৰ স’তে ৰে’লেৰে গৈ থাকোঁতে/মাজৰ পৃথিৱীখন গৈ থাকে/দুটা লোৰ ছিৰিৰ ওপৰেৰে/দুটা চেঁচা ছিৰিৰ ওপৰেৰে/হৃত হৃদয়ৰ ঘনীত নিশ্বাস [৪, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে]

এক ৰহস্যবোধৰ অনুৰণন, অস্থিৰ নিঃসংগতা, বিচ্ছেদত মথিত হৃদয় আৰু জাপানী কবিতাসদৃশ এক অভিনৱ সূক্ষ্ম অনুভূতিৰ এই কবিতাটো কবি নীলমণিৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি৷ ভাৰতৰ যিকোনো ভাষাত এনে সাৰ্থক আধুনিক কবিতা বিৰল৷

১৯৯৮ চনতে ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ লওঁতে কবি নীলমণি ফুকনৰ খেদমিশ্ৰিত ভাষ্য–

নিচেই কমসংখ্যক মানুহেহে কবিতা পঢ়ে আৰু কাচিৎ কোনোবাজনেহে কবিতাৰ দ্বাৰা সামান্য প্ৰভাৱিত হয়৷

…আপুনি কবিতা পঢ়েনে? কেতিয়াবা আপুনি পকা ধাননি পথাৰ এখনৰ ওপৰেদি বৈ যোৱা এজাক সুগন্ধি বতাহৰ সোঁ-সোঁৱনি শুনিছেনে? দেখিছেনে কেতিয়াবা কাৰোবাৰ চকুৰ পানীত জুইৰ দৰে জ্বলি উঠা ডালিমৰ ফুল? জানেনে আপুনি আপোনাৰ ঘৰৰ সমুখত পৰি থকা মৰাশটো কাৰ? বাৰে বাৰে লুম্বিনীবনত জুই দিবলৈ অহা মানুহবোৰ কোন সপোনত শুনিছেনে কেতিয়াবা মৰা-জীয়া ল’ৰা-ছোৱালীবোৰৰ উচুপনি আৰু চিঞৰ?

ইয়াৰ পাছত প্ৰায় ২৫ বছৰ পাৰ হৈ গৈছে৷ কবিতা পঢ়া মানুহ আৰু কমি গৈছে৷ কবিৰ কলম থমকি ৰৈছে৷ ধাননিৰে বতাহ বৈছে, জ্বলি উঠিছে ডালিম ফুল, লুম্বিনীবনত জুই দিয়া মানুহবোৰ বাৰম্বাৰ তৎপৰ হৈ উঠিছে… কিন্তু পাঠক নিৰ্লিপ্ত হৈ গৈছে৷ বহুতে আজি সেই কঠোৰ প্ৰশ্নও তুলিছে– কবিতাৰ কি ইতিমধ্যে মৃত্যু হৈছে?

ইমানবোৰ নেতিবাচকতাৰ মাজত কবি নীলমণি কিন্তু আশাবাদী– ‘আঢ়ৈ হাজাৰ বছৰৰ আগতে লিখা এটা চীনা কবিতা আজিও জীয়াই আছে৷ এটা জাতিৰ মহা দুৰ্দিনৰ দিনতো কবিতা জীয়াই থাকে৷ আগলৈকো জীয়াই থাকিব৷ আনকি কবিতা কাহানিও নপঢ়া মানুহৰ মাজতো৷ কবিতা যে আনন্দময় বেদনাময় হৃদয়ৰ বিশেষ নিৰ্বিশেষ ভাষা৷’

সেয়ে আজিও কবি নীলমণিৰ আহ্বান উপেক্ষা কৰিব নোৱাৰি–

আহক কবিতা পঢ়োঁ৷ কবিতাই অমৃত মণি, অভয়৷ পাৰাপাৰহীন প্ৰেমৰ মাজত অনাবিল সৌন্দৰ্যৰ মাজত নগ্ন হওক, মগ্ন হওক, স্তব্ধ হওক– মুক্ত কৰক মন আৰু হৃদয়ক৷ আৰু আপুনি নিজেই হৈ উঠক এটা কবিতা৷ এজন কবিৰ দৰেই আপুনিও এজন প্ৰেমিক, এজন বিদ্ৰোহী, মানুহৰ শক্তি শান্তি ঐক্য আৰু ভৱিষ্যতত বিশ্বাসী৷ নহয়নে? আপুনিও এটা শুভবাৰ্তাৰ কাৰণে ৰৈ আছে, মানৱতাৰ মুহূৰ্তবোৰৰ কাৰণে৷ আহক উপলব্ধি কৰোঁ অনিৰ্বচনীয় এক আনন্দ আৰু বেদনাক যি আনন্দ-বেদনাৰ শেষ হয় চেতনাৰ নিস্তব্ধ বোধনত৷

আজি নীলমণি ফুকনৰ সৃষ্টিক জ্ঞানপীঠ বঁটাৰে স্বীকৃতি দিয়া হৈছে৷ কিন্তু এঠাইত কবিয়ে নিজেই জনাইছে, অসমৰ বাহিৰৰ সাহিত্যানুষ্ঠানত যোগ দিবলৈ খুব কমেইহে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল৷ কবি জীৱনত মাথোঁ চাৰিবাৰহে তেওঁ এনে অনুষ্ঠানত যোগ দিবলৈ অসমৰ বাহিৰলৈ গৈছিল৷ হয়তো ভাৰতৰ প্ৰতিষ্ঠানিক ৰাজনীতি, স্বজনপ্ৰীতি, ৰঙাফিতাৰ মেৰপেঁচ আদিয়ে বাধা দিছিল কবিৰ যাত্ৰাত৷ আজি অনুমান কৰাত অসুবিধা নহয় যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত নীলমণি ফুকন আৰু তেওঁৰ সৃষ্টিয়ে যথাযোগ্য মৰ্যাদা বহু পূৰ্বেই পাব লাগিছিল৷

এই যে আজি কবি নীলমণি ফুকনৰ কথা ক’বলৈ গৈ কেইজনমান লোকে সৃষ্টি কৰা ‘নাইটমেয়াৰ’ চক্ৰান্তৰ অপ্ৰীতিকৰ অধ্যায়টো কিয় মনত পেলালোঁ? কিয়বা কবিয়ে ক্ষমা কৰি দিলে সমস্ত অসূয়া-জিঘাংসাক? ইমান ঘাত-প্ৰতিঘাতৰ মাজত কি দৰ্শনেৰে সমৃদ্ধ হৈ পৃথিৱীৰ আটাইতকৈ অনুভূতিপ্ৰৱণ মানুহজনে নিজৰ সৃষ্টিশীলতাত অটল হৈ ৰ’ল? তাৰ ব্যাখ্যা কবিৰ প্ৰিয় জীৱনানন্দৰ এটা পংক্তিৰেই দিব খুজিছোঁ–

পৃথিৱীৰ গভীৰ গভীৰতৰ

অসুখ এতিয়া

তথাপি মানুহ ঋণী

পৃথিৱীৰেই ওচৰত…

Views: 227
Published inUncategorized