Deprecated: http_build_query(): Passing null to parameter #2 ($numeric_prefix) of type string is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/campaign_builder.php on line 163

Deprecated: Creation of dynamic property IAWP\Independent_Analytics::$settings is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/independent_analytics.php on line 21

Deprecated: Creation of dynamic property WP_Review_Me::$days is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 81

Deprecated: Creation of dynamic property WP_Review_Me::$type is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 82

Deprecated: Creation of dynamic property WP_Review_Me::$slug is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 83

Deprecated: Creation of dynamic property WP_Review_Me::$rating is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 84

Deprecated: Creation of dynamic property WP_Review_Me::$message is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 85

Deprecated: Creation of dynamic property WP_Review_Me::$link_label is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 86

Deprecated: Creation of dynamic property WP_Review_Me::$cap is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 87

Deprecated: Creation of dynamic property WP_Review_Me::$scope is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 88
ৰাজনীতিৰ অলিয়ে গলিয়ে (১২) – Manoj Kumar Goswami Skip to content

ৰাজনীতিৰ অলিয়ে গলিয়ে (১২)

Last updated on September 30, 2022

এবাৰ সাহিত্যিক লক্ষ্মীনন্দন বৰাৰ সৈতে টি এন ছেছানৰ ওচৰলৈ গৈছিলোঁ৷ ছেছান তেতিয়া দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত। খুব কঠোৰ, অনমনীয় আৰু গুৰু-গোসাঁই নমনা মানুহ৷ প্ৰকৃততে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ চেহেৰা আৰু অভিমুখ সলনি কৰি পেলোৱা মানুহজনেই আছিল ছেছান৷

আমি গৈছিলোঁ টি এন ছেছানক আমন্ত্ৰণ জনাবলৈ– কৰ্মৰত সংবাদপত্ৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানলৈ৷ আগতীয়া এপইণ্টমেণ্ট লোৱা আছে৷ মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ৰ বিশাল কোঠাত সোমাই দেখিলোঁ বিখ্যাত সাংবাদিক প্ৰণয় ৰয় বহি আছে– সন্মুখত ধূমায়িত কফী৷ দুয়োৰে খুব অন্তৰংগ আড্ডা চলি আছে, অনুমান কৰিব পাৰি যে ইতিমধ্যে দুই-তিনিকাপ কফী পাৰ হৈ গৈছে৷

– প্ৰণয়, প্লীজ ৱেইট! উই উইল হ্যাভ লান্স টুগেদাৰ বুলি ছেছানে আমালৈ চালে৷ প্ৰণয় ৰয়ে কাষৰ ছোফাত বহি নিউজপেপাৰ এখন তুলি ল’লে৷ ছেছানক আমি উপলক্ষটো ক’লোঁ৷ ইতিমধ্যে তেওঁ আমাৰ আতিগুৰি জানি থৈছে৷

– আপোনালোকৰ কোনো পলিটিকেল এফিলিয়েচন আছে নেকি? আৰ ইউ নিউট্ৰেল?

এই প্ৰশ্নৰ উত্তৰ দিয়া বৰ সহজ নহয়৷ তাতে টি এন ছেছানৰ দৰে মানুহ এজনক৷

অলপ ৰৈ আমি লাহেকৈ ক’লোঁ– ৱেল, উই প্ৰিটেণ্ড টু বি নিউট্ৰেল!

আচৰিত! কিমান বছৰ হৈ গ’ল, আমি সাংবাদিকবোৰে আজিও সেই ‘নিৰপেক্ষ’ হোৱাৰ ভাও ধৰিয়েই আছোঁ৷

যি কি নহওক, কথাটো ওলাল আড্ডাৰ পৰা৷ Happyness is —a good coffee and a good chat ! কেইকাপমান চাহ বা কফী, এসাঁজ আহাৰৰ মাজেৰে আড্ডাত বহু কথাই ওলাই যায়৷ ম’বাইল ফোন, ৱাট্‌ছএপ, ছ’চিয়েল মিডিয়া আদিৰ আগমন, ক’ভিডৰ ৰঙাচকুৰ মাজত লাহে লাহে আড্ডাবোৰ হেৰাই গ’ল৷ মানুহবোৰ এখন ভাৰ্চুৱেল জগতলৈ গুচি গ’ল৷ সাংবাদিকসকলৰো সেই অলস আড্ডা মৰাৰ সময় নোহোৱা হ’ল৷ কিন্তু এটা সময় আছিল যেতিয়া আমি কোনো এঠাইত ঘণ্টাৰ পাছত ঘণ্টা আড্ডা মাৰি কটাই দিছিলোঁ৷ সেয়া কোনো ৰাস্তাৰ কাষতেই হওক, সাহিত্যিকৰ ঘৰতেই হওক বা কোনো মন্ত্ৰীৰ ঘৰতেই হওক৷ আজি গুৱাহাটীৰ পাণবজাৰ, গণেশগুৰি বা জালুকবাৰীৰ কথাতো বাদেই; নগাঁও, তেজপুৰ, ডিব্ৰুগড়, যোৰহাটতো সাধাৰণ আড্ডাস্থলীবোৰো শূন্যপ্ৰায়৷

প্ৰফুল্ল মহন্তৰ কেবিনেটত আছিল বাইহাটাৰ ময়িদুল ইছলাম বৰা৷ তেওঁৰ দিছপুৰৰ ঘৰত আছিল আমাৰ দৰে পিলিঙা সাংবাদিকবোৰৰ আড্ডা৷ আমাৰ বাবে মন্ত্ৰীৰ অবাৰিত দ্বাৰ৷ যি সময়ৰ কথা কৈছোঁ, সেই সময়ত কিন্তু প্ৰফুল্ল মহন্তয়েই অসমৰ হৰ্তা-কৰ্তা-বিধাতা৷ মহন্ত-লাইনৰ বাহিৰত কাৰো এটা বাক্যও কোৱাৰ সাহস নাই৷ পৰিস্থিতি প্ৰায় এতিয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ দৰে৷ সন্ধিয়া আমি ময়িদুল ইছলাম বৰাৰ ঘৰত বহোঁগৈ৷ ময়িদুলৰ পেটে পেটে ক্ষোভ৷ মহন্তই তেওঁক ভাল দপ্তৰ দিয়া নাই৷ কিন্তু সহজে ময়িদুলৰ মুখ খোল নাখায়৷ আমি কিবা সুধিলে নমস্কাৰৰ ভংগী কৰি কয়– আমাৰ গুৰু, আমাৰ পিতা-মাতা সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়া৷ প্ৰফুল্ল মহন্ত জিন্দাবাদ! পিছে ৰাতি যিমানেই বেছি হয়, তিনি-চাৰি পেগ গলাধঃকৰণ কৰাৰ পাছত মন্ত্ৰীয়ে নিয়ন্ত্ৰণ আৰু ৰাখিব নোৱৰা হয়৷ আমি নতুনকৈ কিবা সোধাৰ আগেয়েই তেওঁ আৰম্ভ কৰি দিয়ে– মহন্তৰ খেল বেলেগ৷ তেওঁ হ’ল ‘নিকা’৷ এই যে চিএমে কৰাপ্ট বুলি আমাৰ ১২জন মন্ত্ৰীক চাটাই কৰি দিছিল, সেইবোৰ কোনো দুৰ্নীতি-তুৰ্নীতিৰ কাৰণে নহয়, আঁৰত আচলতে মহন্তৰ ‘বাবাজী’৷ কোন বাবাজী জানেনে?…

পিছদিনা চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত ‘নতুন দৈনিক’ত বৰ বৰ হেডলাইনেৰে প্ৰকাশ পালে মহন্তৰ দুৰ্নীতিবিৰোধী অভিযানৰ অকথিত কাহিনী! কোন বাবাজীৰ পৰামৰ্শত তেওঁ বাৰজনকৈ কেবিনেট সতীৰ্থক ড্ৰপ কৰিছিল তাৰ সবিশেষ, বাবাজী কেইবাৰ মুখ্যমন্ত্ৰীৰ ঘৰত বহিছিল, কোন কোন মন্ত্ৰীৰ আদ্যাক্ষৰ মহন্তৰ বাবে বিপজ্জনক, সকলো প্ৰকাশ পাই গ’ল৷ দিছপুৰত চাঞ্চল্য৷ দুপৰীয়া ফোন আহিল স্বয়ং মন্ত্ৰী ময়িদুল ইছলাম বৰাৰ পৰা৷ তেওঁ একেবাৰে আচৰিত, হেৰা তোমালোকে কেনেকৈ ইমান খবৰ পোৱাহে? একেবাৰে পাক্কা খবৰ দিছা! আচলতে ৰাতি কি হৈছিল মন্ত্ৰীৰ মনতেই নাই৷

আজিৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অন্যতম আড্ডাস্থলী আছিল বাতৰিকাকতৰ কাৰ্যালয়সমূহ৷ প্ৰায়েই সন্ধিয়া হিমন্তবিশ্বই আমাৰ নিউজ ডেস্কত ভুমুকি মাৰিছিলহি৷ পিছে মোৰ কোঠাত নহয়, হিমন্তবিশ্বই আড্ডা মাৰিছিল ৰিপ’ৰ্টাৰ-ছাব এডিটৰকেইজনৰ সৈতেহে৷ মাজতে মোৰ ৰূমৰ দুৱাৰ খুলি দাদা কেনে আছে বুলি নিয়মমাফিক মাতষাৰ লগাই যায় আৰু! কেতিয়াবা এনেকুৱাও হয় যে এঘণ্টামান নিউজ ডেস্কত বহি হিমন্তবিশ্ব ওলাই যোৱাৰ পাছত মই আৱিষ্কাৰ কৰোঁ যে অলপ আগেয়ে আৰ্মকাৰ মানুহে দি যোৱা প্ৰেছ ৰিলিজটো টেবুলত নাই৷ হিমন্তবিশ্বৰ খুব ঘনিষ্ঠ আছিল আমাৰ ছিনিয়ৰ ৰিপ’ৰ্টাৰ ধ্ৰুৱ [ধ্ৰুৱ মহন্ত, বৰ্তমান মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ প্ৰেছ সচিব]৷

– ধ্ৰুৱ, আৰ্মকাৰ প্ৰেছ ৰিলিজটো কি হ’ল?

– হিমন্তই অ’ৰিজিনেলটো লৈ গ’ল৷ ধ্ৰুৱৰ উত্তৰ, মই অৱশ্যে ফটোষ্টেট কৰি ৰাখিছোঁ৷

ফলত কি হ’ল, আৰ্মকাই চৰকাৰৰ বিৰুদ্ধে দিয়া সমালোচনাত্মক বিবৃতিটোৰ লগতে তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিক্ৰিয়াও পিছদিনাৰ কাকতত প্ৰকাশ পালে৷ হিমন্তবিশ্বই CPI(ML)ৰ অনুগামী সংগঠনটোৰ প্ৰেছ ৰিলিজটো গৰমে গৰমে মুখ্যমন্ত্ৰী শইকীয়াক দিছিলগৈ৷

এইখিনিতে উল্লেখযোগ্য যে ভাস্কৰ নন্দী অনুগত বাঁওপন্থী সংগঠন আৰ্মকাৰ অন্যতম নেতা আছিল ৰণোজ পেগু৷ ৰাজনীতিৰ কি বিচিত্ৰ খেলা, আজি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ কেবিনেটত শিক্ষামন্ত্ৰী সেই ৰণোজ পেগু৷

অসমত হয়তো এনে এজন সাংবাদিক নোলাব, যাক আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ফোন কৰা নাই৷ চীনৰ ৰুইলীয়েই হওক বা ম্যানমাৰ সীমান্তৰ কোনো অজ্ঞাত স্থানৰ পৰাই হওক পৰেশ বৰুৱাই আজিও সাংবাদিকৰ সৈতে সঘন যোগাযোগ ৰাখে– কেতিয়াবা ছেটেলাইট ফোনেৰে, কেতিয়াবা ইণ্টাৰনেট কলেৰে৷ মই পি বিয়ে কৈছোঁ– দুৰ্গম স্থানত নিঃসংগ অৱস্থাৰ পৰা পৰেশ বৰুৱাই কৰা সেই ফোনকলবোৰ আড্ডাত পৰিণত হয়৷ কেতিয়াবা খুবেই দীঘল হৈ যায় সেই বাৰ্তালাপ– ইমূৰত সকলোৰে সিমান সময় নাথাকে৷ তথাপি দুৰ্ধৰ্ষ বিদ্ৰোহীজনৰ সৈতে এনেবোৰ বাৰ্তালাপৰ পৰা তেওঁৰ মনোজগতৰ কথা কিছু বুজিব পাৰি৷ কেতিয়াবা তেওঁ নৃশংস, কেতিয়াবা উদাৰ, কেতিয়াবা তেওঁ দৃঢ়চেতা, কেতিয়াবা দাৰ্শনিক৷ কিন্তু এটা কথা মই আজি লিখি দিলোঁ– পৰেশ বৰুৱা তথাকথিত মূলসুঁতিলৈ ঘূৰি নাহে, কেতিয়াও আত্মসমৰ্পণ নকৰে৷

এবাৰ পৰেশ বৰুৱাৰ সৈতে কিবা এটা বাতৰিক লৈ মোৰ তৰ্ক লাগি গ’ল৷ বৰুৱাৰ দাবী, আলফা সন্দৰ্ভত প্ৰকাশিত বাতৰিটো ভুল৷ তৰ্ক গৈ এনে বাক-বিতণ্ডাত পৰিণত হ’ল যে ‘ভুল’ শব্দটোৰ প্ৰাসংগিকতা আনি পৰেশ বৰুৱাই মোক সকীয়াই দিলে– কেতিয়াবা যদি আমাৰ ল’ৰাই গৈ আপোনাক ভুলতে গুলী মাৰি দিয়ে, তেতিয়া কিন্তু বেয়া নাপাব!

মই সতৰ্ক হৈ থাকিলোঁ কিছুদিন৷ তেনেকুৱাতে এদিন নামনিৰ পিনে এঠাইত সশস্ত্ৰ আলফাৰ দল এটাৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হ’ল৷ আলফাৰ ল’ৰা দুটামান মৰিল, আৰক্ষীও আহত হ’ল৷ ঘটনাৰ কিছু সময়ৰ পাছতেই নিউজ ডেস্কৰ ফোনটো বাজি উঠিল– সিমূৰত পৰেশ বৰুৱা৷ ফোনত থকা নিউজ এডিটৰজনক বৰুৱাই ঘটনাৰ সবিশেষ সুধিলে৷ নিউজ এডিটৰজনে বৰুৱাক ক’লে যে সংঘৰ্ষ হোৱা বুলি খবৰ পাইছোঁ, কিন্তু ডিটেইল্‌ছ অহা নাই৷ বৰুৱাই জোৰকৈ ধৰাত তেওঁ গা-এৰা দিবলৈকে ক’লে , স্থানীয় বিধায়ক তথা মন্ত্ৰীজন সমষ্টিতে আছে, আপুনি তেওঁকেই যোগাযোগ কৰক৷ তেওঁ সবিশেষ দিব পাৰিব৷ ফোন থৈ নিউজ এডিটৰজনে মোক ক’লে– ছাৰ, এটা কথা মন কৰিলোঁ, নিজৰ কেডাৰ কেইজন মৰিল তাতকৈ ঘটনাস্থলীত আৰক্ষীয়ে কি কি আৰ্মছ পাইছে তাক লৈহে পৰেশ বৰুৱাক উদ্বিগ্ন যেন লাগিল!

অলপ পাছত নিউজ এডিটৰজনলৈ পুনৰ পৰেশ বৰুৱাৰ ফোন আহিল– কাৰ লগত কথা পাতিব দিলেহে!মানুহটোৱে বিহেভ নাজানে৷ মই কিন্তু মন্ত্ৰী-চন্ত্ৰী নাচাওঁদেই৷ আলফা নেতাজন খঙত গুঁজৰি-গুমৰি উঠিল৷

মই বুজিলোঁ, কিবা এটা নিশ্চয় গণ্ডগোল হৈছে৷ এইবাৰ মই নিজেই চিনাকি মন্ত্ৰীজনক ফোন কৰিলোঁ, ডাঙৰীয়া ভালে আছে? অলপ আগেয়ে ফোনত আপোনাৰ লগত কোনোবাই কাজিয়া কৰিছিল নেকি?

– এহ্‌ নক’ব বুজিছেনে, কোনোবা এটাই পিবিয়ে কৈছোঁ, পিবিয়ে কৈছোঁ বুলি ফোন কৰি আছিল, দিছোঁ ঠিকছে ধমকি৷ কৈ দিলোঁ, পুৰা নাম কওক৷ মোৰ লগত পিবি-চিবি নচলিব! মন্ত্ৰীয়ে কৈ গ’ল৷ সি কিবা এটা ক’ব খোজে, মই এনেকুৱা এজাউৰি দিলোঁ তাৰ পিলাই চমকি গ’ল!

– হুম্‌! মই ৰং চাবলৈ ক’লোঁ৷ সেইজন আলফাৰ পৰেশ বৰুৱা আছিল নেকি? অলপ আগতে আমাকো ফোন কৰিছিল!

সিমূৰত কঁপনি উঠিল– কি কয়হে! হে ভগৱান, মইতো তেখেতক বৰ বেয়াকৈ কৈ দিলোঁ!! এইবাৰ মন্ত্ৰীৰেই পিলাই চমকি গ’ল৷

মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰ পিনৰ কথা৷ এদিন পুৱা বিছনাৰ পৰা নৌউঠোঁতেই ফোনটো বাজিল৷ দিল্লীৰ পৰা সম্বিত পাত্ৰৰ ফোন৷ বিজেপিৰ এই বিখ্যাত মুখপাত্ৰজনৰ মই অৱশ্যেই অনুৰাগী নহয়, কেতিয়াবা কেতিয়াবা টিভিৰ টক শ্ব’বোৰত অদ্ভুত আচৰণ কৰে, মন্তব্যবোৰো অদ্ভুত৷ সিমূৰৰ পৰা সম্বিত পাত্ৰই চমুৱাই কুশল বাতৰি লৈ ক’লে– দিল্লীত এটা ডিনাৰৰ বাবে আপুনি আহিব লাগে, ডিনাৰটো হ’ষ্ট কৰিব স্বয়ং অমিত শ্বাহে৷ মই হেহোঁ-নেহোঁ কৰি সুধিলোঁ– মিটিং-চিটিঙো হ’ব নেকি? সম্বিত পাত্ৰই ক’লে, নাই নাই! তেনেকুৱা কোনো মিটিং নাই৷ অলপ কথা-বাৰ্তা হ’ব আৰু!

অনানুষ্ঠানিক হ’লেতো মই ভালেই পাওঁ৷ আনুষ্ঠানিক সভা-সমিতিবোৰ মোৰ একেবাৰে অপছন্দ, অলপ নাৰ্ভাছেই হওঁ৷

যথা সময়ত দিল্লীৰ অশোকা হোটেলত উপস্থিত হ’লোঁ৷ লবীত সম্বিত পাত্ৰ ৰৈ আছিল৷ বিশাল হলঘৰত সোমাই দেখোঁ সঁচাকৈ অনানুষ্ঠানিক ডিনাৰ৷ দিল্লীৰ আৰু বিভিন্ন ৰাজ্যৰ পৰা আহিছে চিনাকি-অচিনাকি কিছু সাংবাদিক৷ কি কাৰণে মোৰ দৰে অৰ্বাচীনক এনে অনুষ্ঠানলৈ আমন্ত্ৰণ জনালে, মই বুজি নাপালোঁ৷ সেই নৈশাহাৰৰ মধ্যমণি অৱশ্যেই অমিত শ্বাহ৷ ইফাল-সিফাল কৰি আছে পীয়ূষ গোৱেল, ৰাজ্যবৰ্ধন ৰাথোড়কে ধৰি কেইবাজনো মন্ত্ৰী আৰু বিজেপিৰ কেন্দ্ৰীয় নেতাই৷ সম্বিত পাত্ৰই মোক অমিত শ্বাহৰ লগত চিনাকি কৰাই দিলে৷ ইফালে-সিফালে চাই দেখোঁ অসমৰ পিনৰ এজনো নাই৷ কিছু সময়ৰ পাছত অৱশ্যে আছাম ট্ৰিবিউনৰ দিল্লীস্থ সাংবাদিক কল্যাণ বৰুৱাও আহি ওলালহি৷

এটা কথা খুব কৌতূহলেৰে লক্ষ্য কৰিলোঁ৷ আমি সভাই-সমিতিয়ে বা টেলিভিছনত দেখা আমিত শ্বাহ এইজন নহয়৷ সাংবাদিকৰ মাজত বহি আড্ডা দিছে, সকলো কথাৰ ভাগ লৈছে, মাজে মাজে হাঁহিত ফাটি পৰিছে৷ বেছিভাগ সাংবাদিকৰ সৈতে তেওঁ বেছ ঘনিষ্ঠ৷ কাৰোবাৰ কান্ধত থপৰিয়াই, কাৰোবাক কৰমৰ্দন কৰি অমিত শ্বাহৰ খুব সহজ শৰীৰী ভংগী৷ মই অমিত শ্বাহৰ টেবুলত বেছ কিছু সময় বহিলোঁ– মূলতঃ শ্ৰোতা হিচাপেহে৷The most important thing in conversation is hearing what’s not said. কিন্তু সেই সন্ধিয়া যিটো কথাই মোক আমোদ দিলে, সি হ’ল কোনো সতীৰ্থ মন্ত্ৰী বা বিজেপি নেতা যেতিয়া অমিত শ্বাহৰ ওচৰলৈ আহে, তেওঁৰ মুখভংগী কঠোৰ হৈ পৰে , যেন কথা নক’বই৷ দল বা কেবিনেট সতীৰ্থ সকলো যেন ‘বছ’ৰ ওচৰত নতশিৰ, অকণমান অনুগ্ৰহ পালেই কৃতাৰ্থ হ’ব৷ কিন্তু তেওঁলোকৰ সমুখত অমিত শ্বাহৰ শৰীৰী ভাষা সলনি হৈ যায়,কঠোৰ মুখভংগী– দুৰ্ভেদ্য বৰ্মৰ দৰে সেই গাম্ভীৰ্য৷ পিছমুহূৰ্ততে সেই অমিত শ্বাহেই আকৌ সাংবাদিকৰ সৈতে বাৰ্তালাপত সহজ, খোলা-মেলা, নমনীয়। ৰাজনীতি, অৰ্থনীতি, চিনেমা, ক্ৰিকেট–সেই আড্ডাত কি যে নাছিল!

ৰাতি এটা সময়ত অমিত শ্বাহ যাবলৈ ওলাল। আমিও তেওঁক ধন্যবাদ- চন্যবাদ জনাই দি অশোকা হোটেলৰ পৰা ওলাই আহিলোঁ৷ সঁচাকৈয়ে অমিত শ্বাহৰ সৈতে আড্ডাৰ বাহিৰে তাত আন একো নাছিল৷ নিৰামিষ ডিনাৰ, সুৰাৰতো কথাই নাই!কিন্তু বিজেপিত অমিত শ্বাহৰ কৰ্তৃত্ব আৰু প্ৰভাৱ কি পৰ্যায়ৰ সেই নৈশাহাৰত মোৰ বুজাত সুবিধা হল।

অসমতো আজিকালি খুব কম বিজেপি নেতা-মন্ত্ৰীয়েহে মদ্যপান কৰে৷ কোনোৱে আৰু সুৰাপান কৰি নিজৰ কেৰিয়াৰত চেকা লগাব নোখোজে৷ আচৰিত কথা এই একেখন ৰাজ্যতে চৰকাৰে সুৰাৰ পৰা সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে৷ নতুনকৈ সুৰা বিপণী-বাৰ আদিৰ অনুমতি দি ৰাজকোষ ভৰোৱাৰো পৰিকল্পনা চলিছে৷

ময়ো কম আড্ডাবাজ মানুহ নাছিলোঁ৷ সেই কলেজৰ দিনৰে পৰা প্ৰাক্‌-ক’ভিড সময়লৈ আড্ডাৰ নামত কম সময় নষ্ট কৰা নাই৷ অৱশ্যে সময় নষ্ট নুবুলি অভিজ্ঞতা অৰ্জন বা জনসংযোগ বুলি অজুহাতো দিব পৰা যায়৷

দুবছৰমান পূৰ্বে মোৰ ঘৰলৈ গৌতম ৰয় আহিছিল৷ কংগ্ৰেছৰ দিনৰ প্ৰতাপী তথা বিতৰ্কিত মন্ত্ৰীজনে তেতিয়া দল এৰি বিজেপিলৈ যাবলৈ সুযোগ বিচাৰি আছে– সেয়া যেন তেওঁৰ ৰাজনৈতিক জীৱনৰ মহাসন্ধিক্ষণ৷ মোৰ কইনাধৰাৰ ঘৰৰ টেৰেচত আন কেইবাজনো অভ্যাগত– সেয়ে গৌতম ৰয় অলপ অস্বস্তিতেই আছিল৷ ক্ষমতাসীন ৰাজনৈতিক নেতাই ক্ষমতা হেৰুৱালে সাধাৰণ মানুহতকৈ বেছি দুৰ্বল হৈ পৰে৷ আন আলহীৰ পৰা আঁতৰি হাতত ড্ৰিংক এটা লৈ এসময়ৰ সমাজ কল্যাণ মন্ত্ৰী গৌতম ৰয়ে মোৰ টেৰেচৰ পৰা তললৈ চালে– পূৰ্বৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন কইনাধৰালৈ উঠা সেই বিখ্যাত ৰাস্তাটো এতিয়াও হেলোজেনৰ পোহৰৰে ভালকৈয়ে আলোকিত৷ স্বগতোক্তি কৰাৰ দৰে হতাশ, দিশহাৰা গৌতম ৰয়ে দাৰ্শনিকৰ দৰে কৈ উঠিল– কিমানবাৰ যে গাড়ীত টকা বোজাই কৰি কৰি এই ৰাস্তাটোৰে ওপৰলৈ উঠি গৈছিলো!

জাৰ্মান দাৰ্শনিক নীটজেই নিতৌ সন্ধিয়া এখন পানশালাত বহিছিলগৈ। আৰু জেপৰ পৰা এটা সোণৰ মুদ্ৰা উলিয়াই নিজৰ টেবুলত ৰাখিছিল। পান-আহাৰ শেষ কৰি উভটিবৰ সময়ত তেওঁ পুনৰ মুদ্ৰাটো জেপত ভৰাই নীৰৱে ওলাই গৈছিল। পানশালাৰ ভিৰৰ মাজতো এই কথাটো কৰ্মচাৰী এজনৰ চকুত পৰে। কৌতূহল দমাব নোৱাৰি এদিন তেওঁ দাৰ্শনিক জনক সুধিলে-আপুনি সদায় আহি সোণৰ মুদ্ৰাটো উলিয়াই টৈবুলত থয় আৰু যাবৰ সময়ত লৈ যায়। কিয় এনে কৰে?

– তোমাৰ এই পানশালাৰ আড্ডাত যিদিনাই কোনোবাই কোনো গুৰুত্বপূৰ্ণ আলোচনা কৰা শুনিম তেওঁকেই মই সোনৰ মুদ্ৰাটো উপহাৰ দিম! প্ৰস্থানৰ পূৰ্বে নীটজেই উত্তৰ দিলে।

তথাপি Conversation is the food for the soul. আড্ডাত মুখৰোচক কথা থাকে, পৰচৰ্চা থাকে, অৰ্ধসত্য থাকে কিন্তু কেতিয়াবা কেতিয়াবা সত্যয়ো ভুমুকি মাৰে!

Views: 33
Published inUncategorized