Deprecated: http_build_query(): Passing null to parameter #2 ($numeric_prefix) of type string is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/campaign_builder.php on line 163

Deprecated: Creation of dynamic property IAWP\Independent_Analytics::$settings is deprecated in /home/manojg/manojgoswami.com/html/wp-content/plugins/independent-analytics/IAWP/independent_analytics.php on line 21

Deprecated: Creation of dynamic property WP_Review_Me::$days is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 81

Deprecated: Creation of dynamic property WP_Review_Me::$type is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 82

Deprecated: Creation of dynamic property WP_Review_Me::$slug is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 83

Deprecated: Creation of dynamic property WP_Review_Me::$rating is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 84

Deprecated: Creation of dynamic property WP_Review_Me::$message is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 85

Deprecated: Creation of dynamic property WP_Review_Me::$link_label is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 86

Deprecated: Creation of dynamic property WP_Review_Me::$cap is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 87

Deprecated: Creation of dynamic property WP_Review_Me::$scope is deprecated in /home/manojg/manojgoswami.com/html/wp-content/themes/author/inc/review.php on line 88
ৰাজনীতিৰ অলিয়ে গলিয়ে (১১) – Manoj Kumar Goswami Skip to content

ৰাজনীতিৰ অলিয়ে গলিয়ে (১১)

Last updated on September 30, 2022

দীৰ্ঘ বিমান যাত্ৰা৷ ইন্ধন ভৰাবলৈ ফ্ৰাংকফুৰ্টত সামান্য বিৰতি৷ দক্ষিণ আমেৰিকাৰ পৰা উভতিছোঁ দিল্লীলৈ৷ প্ৰধানমন্ত্ৰীৰ বিমানত সহ-সাংবাদিক বা সহযাত্ৰী বিষয়াসকল ক্লান্ত, বিদেশত প্ৰায় দহটা ব্যস্ত দিন পাৰ হ’ল, সকলোৰে ঘৰলৈ ওভতাৰ বাবে মন উচপিচাবলৈ ধৰিছে৷ ফ্ৰাংকফুৰ্টৰ পৰা উৰা মৰাৰ ঠিক আগে আগে দূতাবাসৰ বিষয়াই বিমানত তুলি দিলে দিল্লীৰ পৰা অহা এজাপ বাতৰিকাকত৷

হঠাৎ বিমানৰ ভিতৰৰ পৰিৱেশ সলনি হৈ গ’ল৷প্ৰথমে গুণগুণনি তাৰপিছত যুক্তি তৰ্ক। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পাইছে এক দীৰ্ঘ প্ৰতিবেদন– কেনেকৈ টাটাই অসমত আলফাৰ সৈতে গোপন বুজাবুজি কৰিছে! দেশৰ আন এজন বিখ্যাত উদ্যোগপতি নুছলি ৱাদিয়াৰ কিছু টেলিফোন ৰেকৰ্ডিঙো প্ৰতিবেদনত সন্নিৱিষ্ট কৰা হৈছে, য’ত ৱাদিয়াই দেশৰ প্ৰভাৱশালী বিভিন্নজনৰ সৈতে অসমত টাটাৰ সমস্যাক লৈ কথা পাতিছে! য’ত টাটাৰ সৈতে কাৰ যোগাযোগ হৈছে তাক লৈ আছে বিশদ তথ্য!

বিজনেছ এথিক্‌ছক গুৰুত্ব দিয়া ৰতন টাটাই এনে কৰিলে! ইতিমধ্যে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই টাটাৰ একাধিক কাৰ্যবাহীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ কুখ্যাত এই ‘টাটা টেইপ্‌ছ’ক লৈ কেইদিনমান দেশ তোলপাৰ লাগি থাকিল৷

কথাটো বুজিবলৈ অকণমান বেকগ্ৰাউণ্ডটো জানিব লাগিব৷ অসমৰ সাংবাদিকসকলে ঘটনাবোৰ জানেই, কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে এই বাতৰিক লৈ শ’ত শগুন পৰাৰ দৰে অত্যুৎসাহ দেখুৱালে৷ বিশেষকৈ এচাম প্ৰবীণ সাংবাদিকক দেখিলোঁ ৰতন টাটাক হেয় কৰাৰ সুযোগ পাই উচ্ছসিত হৈ উঠিল৷

৯০ৰ দশকত অসমত বাগিচা থকা চাহ কোম্পানীবোৰৰ পৰা আলফাই কোটি কোটি টকা সংগ্ৰহ কৰে৷ ১৯৯৪ চনৰ পৰা ২০০০ চনলৈ লৰ্ড স্বৰাজ পালৰ ভ্ৰাতৃকে ধৰি আলফাই ১৫জন চাহ কাৰ্যবাহীক হত্যা কৰে৷ অসমত টাটাৰ কেইবাখনো চাহ বাগিচা আছে, ভয়-ভাবুকি আৰু হেঁচাত শিৰনত নকৰি টাটাই আলফাক জনাই দিয়ে যে তেওঁলোকে উগ্ৰপন্থীক ধন নিদিয়ে৷ কেন্দ্ৰলৈও চিঠি লিখে টাটাই, যে এনে পৰিস্থিতিত চাহ কোম্পানীসমূহক চৰকাৰে সুৰক্ষা দিয়া উচিত৷ কিন্তু দুৰ্বোধ্য কাৰণত দিল্লী বা দিছপুৰ কোনোৱে টাটাক সঁহাৰি দিয়া নাছিল৷ সেই সময়ত দিল্লীত গৃহ সচিব আছিল পদ্মনাভায়া, তেওঁক মই খুব ঘনিষ্ঠভাৱে পাইছোঁ৷ কিন্তু পদ্মনাভায়াৰ ভূমিকাও আছিল ৰহস্যজনক৷ ইপিনে অসমত তেতিয়া প্ৰফুল্ল মহন্ত চৰকাৰ৷ এবাৰ মহন্তই কলকাতাত চাহ কোম্পানীবোৰক লগ ধৰি দলীয় পুঁজি সংগ্ৰহৰ চেষ্টা চলালে৷ টাটাৰ প্ৰতিনিধিয়ে ক’লে যে অসমত নিৰাপত্তা সুনিশ্চিত নহ’লে শাসকীয় দলটোক চান্দা দিয়া সম্ভৱ নহ’ব৷ তেতিয়াৰ পৰাই মহন্ত চৰকাৰৰ ৰোষত পৰিছিল টাটা৷

দিল্লী-দিছপুৰৰ পৰা সঁহাৰি নাপাই আলফাৰ সৈতে একাধিক বৈঠকত বহিল টাটাৰ প্ৰতিনিধি৷ আন দেশী বিদেশী চাহ কোম্পানীসমূহে আলফাক কোটি কোটি টকা দিলেও টাটাই জনাই দিলে যে সন্ত্ৰাসবাদীক ধন দিয়াৰ বিধান তেওঁলোকৰ সংবিধানত নাই৷ তেতিয়া ক্ষুব্ধ আলফাই বলীন বৰদলৈসহ টাটাৰ একাধিক শীৰ্ষ কাৰ্যবাহীক অপহৰণ কৰিলে৷ তথাপি টাটা অবিচল– অসমত তেওঁলোকৰ চাহ বাগিচা বন্ধ কৰি দিব, তথাপি উগ্ৰপন্থীৰ সৈতে আপোচ নকৰে৷ টাটাৰ এই কঠোৰ স্থিতি দেখি পৰেশ বৰুৱাও অস্বস্তিত পৰিল৷ অৱশেষত ১৯৯৬ চনত বেংককত আলফাৰ সৈতে টাটাৰ প্ৰতিনিধিৰ এখন বৈঠক হ’ল৷ তাত আলফাই টাটাৰ পৰা ১০০যোৰ ৱাকিটকী ছেট বিচাৰিছিল৷ কিন্তু এই প্ৰস্তাৱো টাটাই অগ্ৰাহ্য কৰি দিছিল৷ নিজৰ সন্মান ৰক্ষাৰ বাবেই অৱশেষত আলফাই প্ৰস্তাৱ দিলে যে অসমৰ থলুৱা জনতাৰ সুবিধা আৰু উন্নয়নৰ বাবে টাটাই কিছুমান আঁচনি ল’ব লাগিব৷ তেতিয়া টাটা প্ৰায় লগে লগেই ৰাজী হৈ গ’ল৷ বহু পাছত পৰেশ বৰুৱাই এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে আতংকিত হৈ আন চাহ কোম্পানীয়ে আলফাক ধন দিলেও টাটাই এটকাও দিয়া নাছিল৷ ইয়াৰ পৰিৱৰ্তে টাটাই অসমত বেছ কিছুসংখ্যক উচ্চমানৰ হাস্পতাল আৰু শিশুকেন্দ্ৰ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ তেতিয়া উজনিত ডিব্ৰুগড় মেডিকেলৰ বাহিৰে কোনোধৰণৰ চিকিৎসা সেৱা নথকা বাবে চাবুৱাত টাটাই ৰেফাৰেল হাস্পতাল আৰম্ভ কৰে৷ আনকি সেই সময়ত অতি অসুস্থ হৈ থকা আলফাৰ নেত্ৰী প্ৰণতি ডেকাৰ চিকিৎসাৰ দায়িত্বও মানৱতাৰ খাতিৰত টাটাই বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ সেইমতে টাটাৰ এজন কাৰ্যবাহীৰ দায়িত্বত মুম্বাইৰ যশলোক হাস্পতালত প্ৰণতিক চিকিৎসা কৰোৱা হয়৷ কাৰ্যবাহীজন আছিল ড॰ ব্ৰজেন গগৈ৷ স্বাভাৱিকতে এইবোৰ তথ্য মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই পাই আছিল৷ মহন্তৰ আৰক্ষীয়ে হাস্পতালতে প্ৰণতি আৰু ড॰ গগৈক গ্ৰেপ্তাৰ কৰে৷ আৰু টাটাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰে৷ টাটাক এসেকা দিবলৈ দৃঢ়সংকল্প আছিল মুখ্যমন্ত্ৰী মহন্ত৷

কেইমাহমানৰ পাছত ড॰ ব্ৰজেন গগৈ কাৰামুক্ত হৈ আহিল৷ কিন্তু টাটাই তেওঁৰ সংগ নেৰিলে৷ অসম সন্তান ৰঞ্জিত বৰঠাকুৰৰ দৰে ড॰ ব্ৰজেন গগৈ আজিও টাটাৰ অতি ঘনিষ্ঠ– কলকাতাত থকা টাটাৰ কেন্সাৰ হাস্পতালৰ সম্পূৰ্ণ দায়িত্ব ড॰ গগৈৰ হাততে ন্যস্ত কৰা আছে৷

লাহে লাহে আলফা নিঃশেষ হৈ আহিল, সংগঠনটোৰ প্ৰাসংগিকতা নোহোৱা হৈ পৰিল, বিপৰীতে টাটা হৈ পৰিল বিশ্বৰেই এক বৃহৎ বাণিজ্যিক শক্তি৷ আজি দুমাহমানৰ পূৰ্বে টাটাই অসমলৈ আহি ঘোষণা কৰা ১৪খন কেঞ্চাৰ হাস্পতাল হয়তো, মোৰ সন্দেহ, তেওঁ এসময়ত পৰেশ বৰুৱাক দিয়া প্ৰতিশ্ৰুতিৰে অংশ৷ আলফাৰ গুৰুত্ব নোহোৱা হৈ গ’লেও, টাটাৰ কথাৰ গুৰুত্ব শেষ হোৱা নাছিল৷

পুনৰ প্ৰধানমন্ত্ৰীৰ বিমানলৈ আহোঁ৷ নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছতেই প্ৰধানমন্ত্ৰীৰ বিমানত বিদেশ ভ্ৰমণলৈ বেচৰকাৰী সাংবাদিকৰ দল নিয়াটো বন্ধ কৰা হয়৷ প্ৰধানমন্ত্ৰীৰ চফৰসংগী হিচাপে সেই ২০/২৫জনীয়া দলটোত থাকে কেইজনমান প্ৰবীণ সাংবাদিক আৰু দেশৰ আগশাৰীৰ সংবাদ মাধ্যমকেইটাৰ নিৰ্বাচিত কেইজনমান প্ৰতিনিধি। সেই পৰম্পৰা বাদ দি মোদীয়ে তেওঁৰ বিমানত মাথোঁ চৰকাৰী সংবাদ মাধ্যম আৰু ইভেণ্ট মেনেজমেণ্টৰ বিশেষজ্ঞক নিয়া আৰম্ভ কৰিলে৷ ইয়াৰ কাৰণো নোহোৱা নহয়, প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মোদীয়ে আমেৰিকা, কানাডা, ইংলেণ্ড আদিত প্ৰবাসী ভাৰতীয়সকলক লৈ একাধিকবাৰ ৰাজহুৱা সভা সম্বোধন কৰিছিল৷ বিদেশৰ মাটিত নিখুঁতভাৱে তেনে অনুষ্ঠান কৰাটো নতুন প্ৰধানমন্ত্ৰীজনৰ আছিল প্ৰধান লক্ষ্য– বিদেশত ‘ব্ৰেণ্ড মোদী’ৰ সৃষ্টিও আছিল অন্যতম উদ্দেশ্য৷

অৱশ্যে প্ৰধানমন্ত্ৰীৰ বিমানত সাংবাদিকসকলক লৈ যাব যে লাগিবই তাৰ সপক্ষে বিশেষ যুক্তি নাই৷ আমাৰ দৰে আঞ্চলিক সংবাদ প্ৰতিষ্ঠানৰ বাবে সম্ভৱ নহলেও দেশত যিবোৰ বিশাল কৰ্প’ৰেট সংবাদ প্ৰতিষ্ঠান আছে, তেওঁলোকে নিজেই সঘনে বিদেশলৈ নিজৰ প্ৰতিনিধি পঠিয়ায়৷ তদুপৰি প্ৰধানমন্ত্ৰীৰ সহযাত্ৰী হৈ গ’লে কিছুমান প্ৰট’কল মানিবলগীয়া হয়৷ দেশৰ বৈদেশিক নীতিসমূহৰ সমালোচনাত্মক বাতৰি কৰাত অসুবিধা৷ ভ্ৰমণ কৰা দেশসমূহৰ দোষ-ত্ৰুটিও সমালোচনা কৰাত অলিখিত নিষেধাজ্ঞা থাকে৷

এবাৰ প্ৰধানমন্ত্ৰী দেৱেগৌড়াৰ সৈতে পূব আফ্ৰিকাৰ দুখনমান দেশ ভ্ৰমণৰ বাবে গৈছিলোঁ৷ মাডাগাস্কাৰৰ ৰাজধানী আন্তনানাৰিভ’ৰ এখন হোটেলত আমাৰ থকাৰ ব্যৱস্থা কৰা হৈছে– হোটেলত সোমায়েই লবীত দেখিলোঁ বহু কৃষ্ণাংগ যুৱতীৰ ভিৰ৷ ভাবিলোঁ, হোটেলত হয়তো কিবা অনুষ্ঠান চলি আছে৷ দুনিশা কটোৱাৰ পাছত শেষদিনা ব্ৰেকফাষ্ট কৰিবলৈ আহি দেখোঁ আমাৰ সাংবাদিকৰ দলটোৰ মাজত উত্তপ্ত কথা-বতৰা চলি আছে৷ কি হ’ল? আমাৰ সৈতে অহা বিখ্যাত হিন্দী কাকত ‘আজ’ৰ সম্পাদক কুমাৰ আনন্দে হেনো তেওঁৰ কাকতত নিলিখিবলগীয়া কথা প্ৰকাশ কৰি দিলে৷ ‘আজ’ৰ প্ৰথম পৃষ্ঠাতে কুমাৰ আনন্দৰ বাইলাইনত প্ৰকাশ হৈছে এক প্ৰতিবেদন৷ হেডলাইন– মাডাগাস্কাৰত ব্ৰেকফাষ্টতকৈও কলগাৰ্ল সস্তা!

হ’ব পাৰে মাডাগাস্কাৰ দৰিদ্ৰ দেশ, কিন্তু এনেধৰণৰ বাতৰিত দেশখনৰ মৰ্যাদা ক্ষুণ্ণ হ’ব৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ চলি থকা কালত এনে বাতৰি প্ৰকাশ কৰাও নীতিবিৰুদ্ধ৷ ব্ৰেকফাষ্টৰ টেবুলত এই ক্ষোভকে প্ৰকাশ কৰি আছিল জ্যেষ্ঠ সাংবাদিক চন্দন মিত্ৰই৷ তেনেতে কোনোবা এজন সোমাই আহি ক’লে যে দিল্লীত মাডাগাস্কাৰৰ কূটনীতিকে হেনো আমাৰ বিদেশ দপ্তৰৰ ওচৰত অসন্তোষ প্ৰকাশ কৰিছেই৷

এনেয়েও হিন্দী আৰু ইংৰাজী সাংবাদিকৰ মাজত এটা অদৃশ্য বিভাজন আছে৷ কুমাৰ আনন্দে আমাক ক’লে যে কথাটো তিলকে তাল কৰা হৈছে৷ তেওঁ হেনো হোটেলৰ লবীত থকা সেই দেহোপজীৱিনীবোৰৰ লগত ভালদৰে কথা পাতিহে বাতৰিটো লিখিছে৷ দাৰিদ্ৰ্য আৰু মুদ্ৰাস্ফীতিত বিপৰ্যস্ত মাডাগাস্কাৰত ছোৱালীহঁত নামি পৰিছে আদিম পেছাত৷ আমাৰ দেশলৈ আহি কোনোবাই যদি ৰাস্তাৰ ভিখাৰীৰ কথা লিখে, আমাক অপমান কৰা হ’ব নেকি?

যি কি নহওক, বিভিন্ন পক্ষৰ হেঁচাত পাছদিনা ‘আজ’ত প্ৰথম পৃষ্ঠাতে বাতৰিটো প্ৰত্যাহাৰ কৰি ‘ক্ষমাপ্ৰাৰ্থনা’ প্ৰকাশ পালে, ইছ্যুটো যেনিবা বেছি আগ নাবাঢ়িল৷

মোদীয়ে বিদেশলৈ ভ্ৰমণ সতীৰ্থ হিচাপে সাংবাদিকক লৈ যোৱা পৰম্পৰা ভংগ কৰিলেও পূৰ্বৰ বহুকেইজন প্ৰধানমন্ত্ৰীৰ সহযাত্ৰী হোৱাৰ অভিজ্ঞতা মোৰ হৈছিল৷ বহু জ্যেষ্ঠ সাংবাদিকক সহযাত্ৰী হিচাপে লগ পাইছিলোঁ৷ বহু জ্যেষ্ঠ ৰাজনৈতিক নেতাকো কাষৰ পৰা পাইছিলোঁ৷ এনে বহু অচিনাকি দেশলৈ গৈছোঁ জীৱনত দ্বিতীয়বাৰ হয়তো তালৈ যোৱা নহব। সেইখিনিও কম দামী অভিজ্ঞতা নহয়!

প্ৰধানমন্ত্ৰীৰ বিলাসী বিমানত অন্তহীন সুস্বাদু খাদ্য সম্ভাৰ, পৰিবেশন হয় দামী সুৰা। বিমানযাত্ৰাত নৈশ আহাৰৰ পাছত সকলোৱে তেতিয়া এঘুমটি মাৰি লোৱাৰ বাবে যো-জা কৰে, কেবিন লাইট নুমুৱাই দিয়ে, বিমানৰ ভিতৰত মাথোঁ অস্পষ্ট পোহৰ… এদিন এনে পৰিৱেশতে মোৰ কাষৰ আসনত বহা প্ৰবীণ সাংবাদিক আলোক মেহতাই অনুচ্চ স্বৰেৰে ক’লে– শুই নপৰিবা৷ এতিয়া নিজৰ কেবিনৰ পৰা বাজপেয়ীজী ওলাই আহিব৷ মই সতৰ্ক হ’লোঁ৷ অভিজ্ঞ সাংবাদিকজনে আকৌ ক’লে, এয়াই সময়! বাজপেয়ীজীয়ে এতিয়া দুপেগ খাইছে, পুৰণি অভ্যাস৷

সঁচাকৈয়ে অলপ সময়ৰ পাছতে কেবিন লাইটবোৰ পুনৰ জ্বলি উঠিল, খুব নিৰুদ্বিগ্ন অটল বিহাৰী বাজপেয়ী আমাৰ মাজলৈ আহি কথা পাতি পাতি ঘূৰি ফুৰিলে৷ মুখত মৃদু হাঁহি৷ প্ৰায়বোৰ জ্যেষ্ঠ সাংবাদিকৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক– কাৰোবাৰ কান্ধত হাত দি, কাৰোবাৰ পিঠিত থপৰিয়াই আড্ডাত মজি গ’ল প্ৰধানমন্ত্ৰী৷ আৰু কিছু সময়ৰ পাছত ধীৰ খোজেৰে পুনৰ উভতি গ’ল নিজৰ বিশেষ কেবিনলৈ৷ তেওঁৰ ডিনাৰৰ সময় হৈছে৷

ইন্দ্ৰকুমাৰ গুজৰালো তেনে বন্ধুত্বসুলভ আছিল যদিও মনমোহন সিং বা দেৱেগৌড়াৰ ব্যক্তিত্ব আছিল পৃথক৷ স্বল্পভাষী মনমোহন সিঙে জুখি-মাখি কেইটামান শব্দ কৈয়েই আঁতৰি পৰিছিল৷ তেওঁ আগবঢ়াই দিছিল সঞ্জয় বাৰুক৷ সিঙৰ মিডিয়া এডভাইজাৰ সঞ্জয় বাৰুৰ সকলোৰে লগত সখ্য। খুব স্মাৰ্ট মানুহ ,অবিশ্বাস্য স্মৃতিশক্তি৷ এবাৰ চিনাকি হোৱাৰ পাছত সকলোৰে নামে-ধামে মনত ৰাখিছিল৷ এই সঞ্জয় বাৰুৱেই পাছত মনমোহন সিঙক লৈ লিখিছিল– দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ৷ তাত মনমোহন সিঙক লৈ কিছু পৰোক্ষ কটাক্ষও আছিল৷

দেশলৈ ওভতাৰ সময়ত বিমানত প্ৰধানমন্ত্ৰীয়ে এখন সংবাদমেল কৰাটো পৰম্পৰা৷ প্ৰধানমন্ত্ৰীয়ে সহযাত্ৰী সাংবাদিকসকলৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিব লাগে৷ অৱশ্যে এনে প্ৰেছমেলৰ বিষয় সদ্যসমাপ্ত বিদেশ ভ্ৰমণেই হয়গৈ৷ কিন্তু টাটা আৰু আলফাৰ বিষয়টো জনাজনি হোৱাত আমি সকলোৱে বিমানতে প্ৰধানমন্ত্ৰী গুজৰালক ঘেৰাও কৰি ধৰিলোঁ- এই সন্দৰ্ভত তেওঁৰ ভাষ্য কি? স্বল্পভাষী গুজৰালে এতিয়া মই বিশেষ অৱগত নহয়, তথ্য বিচাৰিছোঁ বুলি কোনোৰকম পৰিস্থিতিটো চম্ভালিলে৷ দেশলৈ উভতি অৱশ্যে প্ৰধানমন্ত্ৰীজনে তদানীন্তন গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তা আৰু অসমৰ পৰা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক মাতি বিষয়টো সমাধানৰ বাবে বৈঠক কৰিছিল৷

প্ৰধানমন্ত্ৰীৰ বিমান সংগীসকল স্বাভাৱিকতে যথেষ্ট প্ৰিভিলেজড্! তেওঁলোকে সাধাৰণ যাত্ৰীৰ দৰে ইমিগ্ৰেচন বা আন তালাচীৰ মাজেৰে যাব নালাগিছিল৷ প্ৰথমে মইতো দেখি আচৰিত হৈছিলোঁ– এইদৰে বিদেশলৈ গৈ আমি বন্ধু-বান্ধৱলৈ কোনো স্মৃতিচিহ্ন বা খুব বেছি দুই-এটা সুৰাৰ বটল কিনিব বিচাৰোঁ, কিন্তু বহু বিখ্যাত জ্যেষ্ঠ সাংবাদিকক দেখিলো- সেইবোৰ বাদ দি সোণ বা দুৰ্মূল্য মণি-মুক্তা কিনাত ব্যস্ত হৈ পৰে৷ বিশেষকৈ মধ্যপ্ৰাচ্য আফ্ৰিকাৰ দেশবোৰলৈ যাওঁতে৷ দুজনমান বিখ্যাত সম্পাদকক দেখিছিলোঁ অতিৰিক্ত বেগ লৈ যায়, বিদেশী সুৰা লৈ আহিবৰ বাবে৷

এনেয়েও প্ৰধানমন্ত্ৰীৰ সৈতে বিদেশ ভ্ৰমণ কালত সাংবাদিকসকলক ৰাজকীয় কায়দাৰে ৰখা হয়৷ তেওঁলোকৰ বাবে মজুত থাকে বিলাসী গাড়ী, ৰাজকীয় নৈশাহাৰ৷ দূতাবাসৰ একাংশ বিষয়া সাংবাদিকসকলক লৈয়েই ব্যস্ত হৈ থাকে৷ প্ৰতিসন্ধিয়া হোটেল-ৰূমত থোৱা হয় সুৰা, চকলেটসহ বিভিন্ন উপাহাৰৰ টোপোলা৷ মিডিয়া চেণ্টাৰত শাৰী শাৰী টেলিফোন (ইণ্টাৰনেচনেল কলৰ বাবে) আৰু ফেক্স৷ তাতে সাংবাদিকসকলে বহি ঘণ্টাৰ পাছত ঘণ্টা দেশলৈ ফোন কৰে৷ যাক দেশত থাকোঁতে কাচিৎহে ফোন কৰে, তেওঁলোকলৈও ফোন কৰে– ভালে আছেনে? বহুত দিন খা-খবৰ পোৱা নাই৷ মই আচলতে এতিয়া ছুইডেনৰ [বা যিকোনো এখন ভ্ৰমণৰত দেশ] পৰা কৈছোঁ, এই প্ৰধানমন্ত্ৰীৰ লগত আহিবলগীয়া হ’ল…! বা এঘণ্টা ধৰি এজনে চুপতি মাৰিছে দেশৰ কোনো বন্ধুৰ সৈতে৷ এজন জ্যেষ্ঠ সাংবাদিকে অফিচলৈ ফোন কৰি এইদৰেও কোৱা মই শুনিছোঁ– নিউজটো পিটিআই বা ৰয়টাৰৰ পৰা লৈ লোৱা, মই নিলিখো আৰু !

মই অৱশ্যে বিদেশৰ পৰা নিয়মীয়াকৈ বাতৰি পঠিয়াইছিলোঁ, কিন্তু মাজে মাজে সংগদোষৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাকৈও নাছিলোঁ৷ এবাৰ ঘানাত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান এৰি দূতাবাসৰ গাড়ী লৈ স্থানীয় এজন যুৱকৰ সৈতে আক্ৰাৰ পৰা বহু দূৰৈৰ প্ৰত্যন্ত অঞ্চল পালোঁগৈ৷ আৱিষ্কাৰ কৰিলোঁ ছানফ্লাৱাৰ আৰু লেটুচৰ বিশাল খেতি গঢ়ি তোলা এজন ভাৰতীয় মূলৰ খেতিয়কক৷ এবাৰ বাৰ্লিনত সহ-সাংবাদিকৰ পৰা আঁতৰি দোভাগনিশালৈকে কটালোঁ উদ্দাম নাইট ক্লাবত৷

অৱশ্যে প্ৰায়েই ভ্ৰমণৰত দেশখনৰ দূতাবাসে সাংবাদিকসকলৰ বাবে প্ৰমোদ বিহাৰৰ আয়োজন কৰে৷ নাইৰ’বি, জিম্বাবৱে আদিত আমাক হেলিকপ্টাৰেৰে অভয়াৰণ্য দেখুৱাবলৈ লৈ গৈছিল৷ অৰণ্যৰ মাজত হেলিকপ্টাৰ নমাৰ পাছত নামমাত্ৰ বসন পিন্ধা কৃষ্ণাংগ কেইজনমানে আমাৰ সৈতে কোনোৰকম মত বিনিময় কৰি যেতিয়া ইণ্ডিয়াৰ পৰা অহা বুলি বুজিলে, লগে লগে জপিয়াই চিঞৰি উঠিল– আমিতাব বাছান! আমিতাব বাছান!!আমি স্তম্ভিত হৈ গ’লোঁ৷ অমিতাভ বচ্ছনৰ জনপ্ৰিয়তা আফ্ৰিকাৰ এই অৰণ্যৰ মাজতো!

এবাৰতো প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আধাতে এৰি পাক সীমান্তৰ মহেঞ্জোদাৰোৰ ভগ্নাৱশেষৰ মাজে মাজে ঘূৰি ফুৰিছিলোঁ৷ খ্ৰীষ্টপূৰ্ব ২৫০০ বৰ্ষৰ সেই আশ্চৰ্য সভ্যতাৰ কিছু আভাস লোৱাৰ চেষ্টা কৰিছিলোঁ৷ সিন্ধু উপত্যকাৰ সেই হৰাপ্পা আছিল ইতিহাসৰ প্ৰথম মহানগৰসমূহৰ অন্যতম৷ ১৯৮০ চনতে বিশ্ব হেৰিটেজ ছাইটৰ স্বীকৃতি পালেও দেখিলোঁ পাকিস্তান চৰকাৰে মহেঞ্জোদাৰো ভগ্নাৱশেষৰ সংৰক্ষণ কৰিব পৰা নাই৷ স্থানীয় গাইডজনেই জনালে, ইয়াৰ বহু প্ৰস্তৰখণ্ড, মূৰ্তি আদি চুৰি হৈ গৈছে৷

সেয়া আছিল ইৰান সীমান্তৰ পাশ্বৰ্ৱৰ্তী মহেঞ্জোদাৰো৷ আচৰিত হৈ দেখিলোঁ সেই প্ৰাচীন সময়ত দেৱ-দেৱীৰ মূৰ্তি বা উপাসনাস্থলীতকৈ চিভিল ইঞ্জিনিয়াৰিং আৰু নগৰ পৰিকল্পনাৰহে কি অত্যুৎকৃষ্ট নিদৰ্শন৷ কিন্তু আশ্চৰ্য, চাৰিওপিনে কোনো আঁৰ-বেৰ নাই৷ উভতি যেতিয়া পাৰ্কিঙৰ পিনে গৈ আছোঁ, জোব্বা-পায়জামা পৰিহিত ওখ-পাখ দুটা বয়সীয়াল ল’ৰা আগবাঢ়ি আহিল, পাঠানেই হ’ব বোধহয়, জোব্বাৰ তলৰ পৰা হঠাতে এটা শিলৰ মূৰ্তি উলিয়াই ফিচ্‌ফিচাই ক’লে– প্লীজ, দো হাজাৰ দিজিয়ে চাহাব! অ’ৰিজিনেল পীচ!!

মই দেখিলোঁ এটা বুদ্ধৰ শিলামূৰ্তি! সম্ভৱতঃ অ’ৰিজিনেল নহয়, কি ঠিক হ’বও পাৰে৷ এহাজাৰ পাকিস্তানী ৰুপী দি লৈ ল’লোঁ৷ প্ৰধানমন্ত্ৰীৰ বিমান, গতিকে ইছলামাবাদত বিশেষ তালাচী নহব৷ চুৰিয়েই কওক, চোৰাঙেই কওক, পাকিস্তানৰ পৰা বুদ্ধমূৰ্তিটো লৈ দিল্লী পালোঁহি৷ এতিয়াও মহেঞ্জোদাৰোৰ সেই শিলামূৰ্তি মোৰ হিফাজততে আছে– আজিও নাজানো সি কিমান নকল, কিমান আচল!

পাকিস্তানতেই এবাৰ ৰাষ্ট্ৰপতি মুছাৰফ-মনমোহন সিঙৰ বৈঠকৰ পৰা কোনো বিশেষ ফলাফল নোলাব বুলি নিশ্চিত হৈ আমি দুজনমানে ইছলামাবাদ ফুৰিবলৈ ওলালোঁ৷ তেতিয়া দুই দেশৰ নেতৃত্ব কাশ্মীৰক লৈ যুযুধান, মুছাৰফেতো প্ৰতি তৃতীয় বাক্যত কাশ্মীৰৰ কথা উল্লেখ কৰে– অবিশ্বাস আৰু উত্তেজনাময় সম্পৰ্ক দুয়ো দেশৰ মাজত৷ আমি ৰাৱালপিণ্ডিৰ পিনে গৈ এসময়ত পুৰণি চহৰখনৰ অলি-গলিত প্ৰায় হেৰাই গ’লোঁ৷ বাপ্পা ৰাৱাল নামৰ অষ্টম শতিকাৰ হিন্দু ৰজা এজনৰ নামত পাকিস্তানৰ এই প্ৰাচীন চহৰ, এতিয়াও নাম সলনি হোৱা নাই৷ ঘূৰি ফুৰি ভোক লগাত আমি বিৰিয়ানিৰ গোন্ধ পাই দেখোঁ, উৎস ধাবাজাতীয় দোকান এখন৷ বেছ ভিৰ৷ আমাৰ বাবে কথিত হিন্দী আৰু উৰ্দুৰ কোনো প্ৰভেদ নাই, কিন্তু আমাৰ মাত-কথা শুনি দুই-এখন কৌতূহলী মুখ আমাৰ ওপৰত নিবদ্ধ হৈ গ’ল৷ আমাৰ ডিঙিত ওলমি আছে ‘পিএম ভিজিট’ৰ আইকাৰ্ড৷ পেটে পেটে অস্বস্তি, সামান্য ভয় নলগা নহয়৷ চকু-কাণ মুদি বিৰিয়ানি গিলি আঁতৰি যোৱাই ঠিক হব বুলি ভাবিলোঁ৷ আৰু কি সেই বিৰিয়ানি– অবিশ্বাস্য তাৰ সোৱাদ! পইচা দিবৰ সময়ত তাতোকৈও আচৰিত হ’লোঁ৷ ‘নহী নহী, আপলোগ মেহমান হ্যায়’ বুলি আমাৰ পৰা দোকানদাৰে এটাও ৰুপী নল’লে!যিমানে আমি জোৰ কৰিলোঁ সিমানেই বিৰিয়ানিৱালা আকোৰগোজ-পইছা নালাগে! কাষে-পাঁজৰে থকা আন গ্ৰাহকবোৰেও দোকানদাৰক সমৰ্থন দিলে৷ শত্ৰুদেশত এনে আতিথ্য পালোঁ, আন কোনো দেশতে সেয়া আজিলৈ পোৱা নাই৷ আগেয়ে জানিলেও ৰাৱালপিণ্ডিৰ সেই গলিত সিদিনা ভালদৰেই উপলব্ধি কৰিলোঁ যে কাশ্মীৰ, সন্ত্ৰাস আদিক কেন্দ্ৰ কৰি দিল্লী-ইছলামাবাদৰ ঘৃণা জিঘাংসা ভৰা ৰাজনীতি চলি থাকিলেও, সাধাৰণ পাকিস্তানীৰ ভাৰতীয়ৰ প্ৰতি তেনে কোনো অসূয়া নাই৷

Views: 25
Published inUncategorized