Skip to content
Uncategorized

ৰাজনীতিৰ অলিয়ে-গলিয়ে (১০)

দোৰ্দণ্ডপ্ৰতাপী ৰাজনৈতিক নেতা আছিল হিতেশ্বৰ শইকীয়া৷ দুবাৰকৈ হৈছিল মুখ্যমন্ত্ৰী৷ শাসনত থকা সময়ত চৰকাৰত শইকীয়াৰ কথাই আছিল শেষ কথা৷ স্বাভাৱিকতে গুণমুগ্ধৰ পৰা স্তাৱকৰতো সীমা সংখ্যাই নাছিল, পুৱাৰ পৰা শেহনিশালৈ শইকীয়াৰ কাষে-পাঁজৰে তেওঁলোকৰ ভিৰ নুগুচিছিলেই৷

১৯৯৬ চনৰ ২২ এপ্ৰিলত হিতেশ্বৰ শইকীয়াৰ মৃত্যু হয়৷ তেতিয়ালৈ নিৰ্বাচন ঘোষণা হ’লেও শইকীয়া সেইপৰ্যন্ত আছিল মুখ্যমন্ত্ৰী, তদাৰকী মুখ্যমন্ত্ৰী৷ দিল্লীত চিকিৎসাধীন হৈ থকা হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত বিমানেৰে যেতিয়া মুখ্যমন্ত্ৰীজনৰ দেহ গুৱাহাটীলৈ অনা হ’ল, মই আচৰিত হৈ মন কৰিলোঁ, বিমানবন্দৰত সমৰ্থকৰ সেই ভিৰ নাই৷ আমৃত্যু প্ৰবলপ্ৰতাপী হিতেশ্বৰ শইকীয়াৰ নশ্বৰদেহ গুৱাহাটীৰ মাজেৰে শিৱসাগৰলৈ নিয়া হৈছে, সেই শেষ যাত্ৰাত এমুঠিমান মাত্ৰ মানুহ– প্ৰায়বোৰেই তেওঁৰ পৰিয়ালৰ বা নিকটাত্মীয়৷ স্তম্ভিত হৈ দেখিলোঁ– আনকি শইকীয়াক শেষশ্ৰদ্ধা জনাবলৈ, শৱদেহত ফুল এপাহ দিবলৈও ৰাজীৱ ভৱনত নেতা-পালিনেতাসকল ভালদৰে গোট নাখালে৷

আচলতে তেতিয়া মই আছিলোঁ অনভিজ্ঞ৷ ভাবিছিলোঁ, দুটা দশক ৰাজনীতিত দপ্‌দপাই থকা, শাসক বা ৰাজনীতিক হিচাপে চৰ্চাৰ কেন্দ্ৰবিন্দুত থকা, জীৱিত কালত বহুতৰে ভয়-ভক্তি আৰু সমীহ আদায় কৰা, দিছপুৰ আৰু দিল্লীৰ বাবেও এজন গুৰুত্বপূৰ্ণ মানুহক শেষ বিদায় জনাবলৈ অনুৰাগীসকল হিলদ’ল ভাঙি ওলাই আহিব; কিন্তু দেখিলোঁ সকলো যেন নিৰ্লিপ্ত৷ আনকি দলৰ নেতাসকলৰো গা-এৰা মনোভাব৷ যিসকল বুদ্ধিজীৱীয়ে বা য়েছ মেনে শইকীয়াৰ পৰা বিভিন্ন সুযোগ-সুবিধা লৈছিল, হকে-বিহকে শইকীয়াৰ স্তুতিৰে সন্মান-পদবী কুক্ষিগত কৰিছিল, তেওঁলোকে মুখ্যমন্ত্ৰীজনৰ শৱযাত্ৰাত যোগ দিয়াতো বাদেই, এষাৰ শোক প্ৰকাশো নকৰিলে৷ পাছত বুজিলোঁ, আজিৰ ৰাজনীতিত ক্ষমতাই সকলো৷ মৃত্যু বাদেই, তুমি যদি ক্ষমতাহীন হোৱা, তোমাৰ প্ৰয়োজনীয়তাও শেষ৷ এয়াই ৰাজনীতিৰ কঠোৰ বাস্তৱ– ইয়াকে কিছুমানে বুজে, বহুতেই নুবুজে৷ ক্ষমতাৰ অলিন্দত ওৰে জীৱন দপ্‌দপাই থকা বহু নেতা-মন্ত্ৰীৰ ক্ষেত্ৰতো দেখিছোঁ, শেষ সময়বোৰ খুব নিঃসংগতাৰে কটাব লগা হয়৷ এছকৰ্ট -পাইলট , ছাইৰেণৰ শব্দ নুশুনা হোৱাৰ লগে লগে স্তাৱক বা অনুৰাগীৰ দল লাহে লাহে আঁতৰি যায়, কেতিয়াবা দেখিছোঁ মৃত্যুৰ সময়ত শ্মশানলৈ নিবলৈও মানুহ পোৱা নাযায়৷ সমাজো বহুত সুযোগসন্ধানী আত্মকেন্দ্ৰিক আৰু অকৃতজ্ঞ হৈ পৰিল।আনুগত্য সলনি কৰিবলৈ মানুহৰ এক মুহূৰ্তও নলগা হল।অৱশ্যে হিটলাৰ বা মুছ’লিনীও জীৱিতকালত নিজৰ দেশত সাংঘাতিক “জনপ্ৰিয়” আছিল। মৃত্যুৰ পিছত সেই একেখিনি মানুহে দুয়োৰে নিষ্প্ৰাণ দেহটোকো ৰেহাই দিয়া নাছিল, থুৱাই গুৰিয়াই ঘৃণাৰে ওপচাই দিছিল।

জৰ্জ ফাৰ্ণাণ্ডেজৰ কথা মনত পৰিছে৷ ২০০১ চনমানৰ কথা৷ ডিফেন্স মিনিষ্ট্ৰীত এটা জৰুৰী কাম আছিল, নিজৰ নহ’লেও মোৰ এজন ঘনিষ্ঠ মানুহৰ স্বাৰ্থ আছিল৷ তেওঁ সেনা বিষয়া৷ ব্ৰিগেডিয়াৰ হোৱাৰ যোগ্যতা বহু পূৰ্বেই অৰ্জন কৰিছে৷ কিন্তু প্ৰতিৰক্ষা মন্ত্ৰণালয়ত সাংঘাতিক লবী৷ উত্তৰ-পূবৰ সেনাবিষয়াসকলৰ পদোন্নতিত বাৰে বাৰে বাধা আহে৷ বিশেষকৈ শীৰ্ষ পদসমূহৰ ক্ষেত্ৰত অসমীয়াৰ প্ৰৱেশ যেন নিষিদ্ধ৷ বাৰম্বাৰ ব্ৰিগেডিয়াৰলৈ পদোন্নতিৰ ক্ষেত্ৰত বঞ্চিত হৈ হতাশ-বিৰক্ত হৈ অসমৰ সেনা বিষয়াজনে চাকৰি এৰাৰ সিদ্ধান্ত ল’বলৈকে সাজু হ’ল৷ দুখ লগা পৰিস্থিতি৷ নিজে উপযাচিয়েই মই কিবা এটা চেষ্টা কৰাৰ কথা ভাবিলোঁ৷ কথাই কথাই দিল্লীৰ সাংবাদিক বন্ধু এজনক ঘটনাটো কওঁতে তেওঁ দিল্লীৱালা ভংগীত ক’লে– চ্ছল, ডিফেন্স মিনিষ্টাৰকো মিলতে হ্যায়! বন্ধু সাংবাদিকজনে তেতিয়া হিন্দুস্তান টাইম্‌ছৰ ডিফেন্স বীট চাইছিল৷ সেই সময়ত ফাৰ্ণাণ্ডেজ প্ৰতিৰক্ষামন্ত্ৰী৷ কিন্তু ভাৰতৰ ডিফেন্স মিনিষ্টাৰক এনেকৈ লগ পাব পাৰিনে?

সেইদিনা সন্ধিয়াই যিমানদূৰ মনত পৰে দিল্লীৰ কৃষ্ণ মেনন মাৰ্গৰ ফাৰ্ণাণ্ডেজৰ চৰকাৰী বাসভৱনলৈ সাংবাদিক বন্ধুৱে লৈ গ’ল মোক৷

কিন্তু এনেকুৱাই প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘৰ নে? অবিন্যস্ত বাৰাণ্ডা, অতি সাধাৰণ বহা কোঠা৷ ক’তো এজন সেনা জোৱান বা নিৰাপত্তাৰক্ষী নাই৷ আনকি গেটতো আৰক্ষী এজন নাই৷ মোৰ বন্ধুজনেতো মন্ত্ৰীক বিচাৰি বেডৰূমৰ পিনে গ’লগৈ৷ কোন ক’ৰ পৰা আহিছে-গৈছে সুধিবলৈ কোনো নাই৷ একেবাৰে অবাৰিত দ্বাৰ৷ অবশেষত পিছ বাৰাণ্ডাত মন্ত্ৰীক আৱিষ্কাৰ কৰা গ’ল– হাতত ৰঙা চাহৰ গিলাচ লৈ দেহাতী ধৰণৰ মানুহ কেইজনমানৰ লগত বেঞ্চ এখনত বহি আড্ডা মাৰিছে৷ ইউনিয়নৰ মানুহো হ’ব পাৰে৷ মন্ত্ৰীৰ ভৰিত বিবৰ্ণ চেণ্ডেল, গাত গেঞ্জী আৰু সেই বহুব্যৱহৃত পায়জামা৷ আমাৰ বাবেও ৰঙা চাহ আহিল৷ এটা সময়ত ফাৰ্ণাণ্ডেজে মনোযোগেৰে আমাৰ কাহিনীও শুনিলে– হুম্‌, কিবা কৰিব লাগিব৷ মাজতে মোক প্ৰমোদ গগৈ, ৰেণুকা দেৱী আৰু হেমেন দাসৰ কথাও সুধিলে৷ একেবাৰে ইনফৰ্মেল কথা-বতৰা৷ তাৰ পাছত কোনোবা এজন সহকাৰীয়ে আহি কিবা এটা কোৱাত সেই ভাগেই গাত পাঞ্জাবী এটা সুমুৱাই মিনিষ্ট্ৰীৰ মিটিং এখনলৈ বুলি ওলাই গ’ল৷ লগত দেহৰক্ষী এজনো যোৱা নেদেখিলোঁ৷

আজীৱন সমাজবাদী ফাৰ্ণাণ্ডেজ কিন্তু হাইপ্ৰ’ফাইল ডিফেন্স মিনিষ্টাৰেই আছিল– তেওঁৰ দিনতেই পোখৰাণ, তেওঁৰ দিনতেই কাৰ্গিল যুদ্ধ৷ উদ্যোগমন্ত্ৰী থাকোঁতে তেওঁ কোকাকোলা, IBMক ভাৰতৰ পৰা বাহিৰ কৰি দিয়াৰ দুঃসাহস দেখুৱাইছিল৷ সেই ফাৰ্ণাণ্ডেজেই তেওঁৰ দিনত প্ৰতিৰক্ষা মন্ত্ৰণালয়ত কফিন, বাৰাক মিছাইল কেলেংকাৰিক লৈ হতাশ হৈ পৰিছিল৷ কিবা এটা দুৰ্বোধ্য কাৰণত দেশৰ মিডিয়া তেওঁৰ প্ৰতি আছিল ক্ষমাহীন৷ আৰু টেহেলকাই ৱেষ্ট এণ্ড কেলেংকাৰিক লৈ হুলস্থূল লগোৱাৰ পাছত তেওঁ ন্যায়াধীশ ফুকনক তদন্তৰ দায়িত্ব দি মন্ত্ৰিত্বয়েই এৰি দিলে৷

নিজে দোষ নকৰাকৈ এচাম সেনা বিষয়াৰ দুৰ্নীতিৰ বাবে অযথা নিন্দিত হৈ আহত ফাৰ্ণাণ্ডেজ লাহে লাহে যেন স্বেচ্ছানিৰ্বাসনলৈ গুচি গ’ল৷ মানসিক আঘাতত তেওঁ দুৰ্বল হৈ পৰিল৷ এলজেইমাৰ পাৰ্কিনছন ৰোগে তেওঁক অতীত-বৰ্তমান পাহৰি যোৱাত সহায় কৰিলে৷ ভাৰতবাসীয়েও তেওঁৰ জীৱনৰ শেষ দহ বছৰত এবাৰো খবৰ নল’লে৷ দেশৰ এক মহৎ ৰাজনৈতিক ব্যক্তিত্বক সকলোৱে পাহৰি গ’ল৷ জীৱনৰ শেষপৰ্যন্ত ফাৰ্ণাণ্ডেজ আছিল একেবাৰে ব্ৰাত্য, আমৃত্যু পোহনীয়া কুকুৰটো আছিল তেওঁৰ একমাত্ৰ সংগী৷

ফাৰ্ণাণ্ডেজে কিন্তু আমাৰ কথা ৰাখিছিল– অসমীয়া সেনা বিষয়াজনৰ ঠিক পাছৰবাৰেই ব্ৰিগেডিয়াৰলৈ পদোন্নতি হৈ গৈছিল৷

কিয় জানো এই সময়ত সন্তোষ মোহন দেৱৰ কথাও মনলৈ আহিছে৷ শিলচৰৰ সন্তোষমোহন আছিল অতি ক্ষমতাধৰ নেতা৷ দিল্লীত গৃহ, গুৰু উদ্যোগ, যোগাযোগ, তীখা আদিৰ দৰে মন্ত্ৰণালয় চম্ভালিছিল তেওঁ৷ ১৯৯৩ চনমানৰ কথা৷ এদিন দুজন অগ্ৰজ সাংবাদিকে মোক লৈ গ’ল সন্তোষমোহন দেৱৰ ওচৰলৈ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে ইংৰাজী, অসমীয়া, বাংলা তিনিটা ভাষাত তিনিখন বাতৰিকাকতৰ এক বৃহৎ প্ৰজেক্ট পৰিকল্পনা কৰিছে হেনো! তাৰ দায়িত্ব ল’ব পৰা মানুহ বিচাৰিছে৷ আগতীয়া এপইণ্টমেণ্ট মতেই কেন্দ্ৰীয় মন্ত্ৰীজনক যেতিয়া আমি তিনিজনে লগ পালোঁ, তেতিয়া তেওঁ দিছপুৰৰ এটা ঘৰত বিশ্ৰামৰ ভংগীত প্ৰকাণ্ড এখন চোফাত বহি আছে৷ সন্মুখৰ টেবুলত তুলি থৈছে ভৰি দুটা৷ বয়সস্থ আগন্তুক দুজনক দেখিও কোনো বিশেষ প্ৰতিক্ৰিয়া নাই৷ পাঞ্জাবী-পায়জামা পৰিহিত মন্ত্ৰীৰ মুখত এক বেপৰোৱা নিৰ্লিপ্তি৷ তেওঁৰ চাৰিওপিনে কেইজনমান নতমস্তক মানুহ, যেন কিবা আদেশৰ অপেক্ষাত সন্ত্ৰস্ত৷ আমি কাষৰ চোফাত বহিলোঁ, মোৰ অগ্ৰজ সংগী দুজনে কথাও আৰম্ভ কৰিলে, চাহো আহিল… কিন্তু গোটেই সময়খিনিত মোক এটা কথাই পীড়া দি থাকিল, মন্ত্ৰীয়ে ভৰি দুটা টেবুলৰ পৰা ননমালে৷ এক অদ্ভুত দম্ভ আৰু ঔদ্ধত্য মন্ত্ৰী সন্তোষমোহনৰ শৰীৰী ভাষাত৷ কিছু সময়ৰ পাছত আমি উভতিলোঁ৷ সেই প্ৰজেক্টৰ কি হ’লগৈ নাজানো, কিন্তু প্ৰথম দৰ্শনতে সন্তোষমোহন দেৱৰ প্ৰতি মোৰ কণমানো শ্ৰদ্ধা নোহোৱা হৈ গ’ল৷ ইয়াৰ পাছতো সন্তোষমোহন বহুদিন ক্ষমতাত আছিল, কিন্তু তেওঁৰ সমুখাসমুখি আৰু মোৰ হবলগীয়া হোৱা নাই।

যোৱা পয়ত্ৰিশ বছৰে কিমান যে বাতৰিজনিত গোচৰ-মামলা-মোকৰ্দমাৰ সন্মুখীন হৈছোঁ তাৰ হিচাপ নাই৷ কেতিয়াবা ভিতৰৰ পৃষ্ঠাৰ চুক এটাত প্ৰকাশিত এটা বাতৰি বা নিচেই পুৱা কোনোবা বুলেটিনত সম্প্ৰচাৰ হোৱা ভিজুৱেল এটাক লৈও কোনোবাই গোচৰ তৰিব পাৰে৷ হয়তো সম্পাদকজনে বাতৰিটো দেখাই নাই, কিন্তু গোটেই দায়িত্ব তেওঁৰ ওপৰতেই আহি পৰে৷ এনে গোচৰৰ অধিকাংশই মানহানি গোচৰ৷

ডাঃ ভূমিধৰ বৰ্মন এমাহৰ বাবে হ’লেও যে অসমৰ মুখ্যমন্ত্ৰী আছিল সেই কথা বহুতে পাহৰিলে৷ এবাৰ মই মুখ্য সম্পাদক হিচাপে থকা নিউজ চেনেলটোত প্ৰচাৰ হোৱা এটা বাতৰিত ক্ষুন্ন হৈ ডাঃ বৰ্মনে গোচৰ তৰি দিলে৷ নলবাৰীৰ নিম্ন আদালতৰ পৰা মোৰ নামত চমন আহিল৷ যথাৰীতি মই গৈ নলবাৰী আদালতত হাজিৰ হ’লোঁগৈ৷ ডাঃ বৰ্মনতো তেতিয়া নামনিৰ একচ্ছত্ৰী সম্ৰাট, চৰকাৰৰ একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আৰু নলবাৰীতো তেওঁৰ নিজা ঠাই৷ মানহানি মোকৰ্দমাৰ ভিত্তিটোৱেই হ’ল যে আদালতৰ কাঠগড়াত থিয় হৈ গুচৰীয়াই সমাজ জীৱনত তেওঁৰ মান বা গুৰুত্ব কিমান সেইটো তথ্যসহ প্ৰমাণ কৰিব লাগিব৷ কাৰণ মান থাকিলেহে মানহানি হ’ব৷ গতিকে এদিন আদালতলৈ ভূমিধৰ বৰ্মন আহিল৷ আদালতৰ বাকৰিত মন্ত্ৰী বৰ্মনৰ দীৰ্ঘ কনভয় সোমোৱাৰ লগে লগে সকলো সন্ত্ৰস্ত হৈ পৰিল৷ মই দেখিলোঁ, আদালতৰ কোঠাত যেতিয়া ডাঃ বৰ্মন সদলবলে সোমালহি, আনবোৰৰ লগতে সন্মানীয় ন্যায়াধীশেও সন্মান প্ৰদৰ্শন কৰি নিজৰ আসনৰ পৰা থিয় হৈ দিলে৷

মই মনে মনে প্ৰমাদ গণিলোঁ৷ এইজন মহামান্য ন্যায়াধীশেতো সুযোগ বুজি এই গোচৰত মোক মৃত্যুদণ্ডও দি দিব পাৰে৷ কাঠগড়াত থিয় হৈ ডাঃ বৰ্মনে তেওঁৰ জীৱন কাহিনী বৰ্ণাবলৈ লাগিল৷ কেনেকৈ তেওঁ ১৯৬৭ চনত কংগ্ৰেছত যোগ দি এমএলএ হ’ল৷ ক’ত কি পদবী পালে৷ কোন কোন সমষ্টিৰ পৰা সাতবাৰকৈ বিধায়ক হ’ল৷ নিৰুপায় হৈ আদালতৰ এচুকত থিয় হৈ ময়ো তেওঁৰ জীৱন বৃত্তান্ত শুনি গৈছোঁ৷ মন্ত্ৰী বৰ্মনে আমনিদায়কভাৱে দীঘলীয়াকৈ তেওঁৰ সামাজিক তথা ৰাজনৈতিক কৃতিত্ব কৈ গৈছে– এটা এটা দশকৰ কীৰ্তি বৰ্ণনা কৰিবলৈ প্ৰায় আধা ঘণ্টা লৈছে৷ দেখিলোঁ, ন্যায়াধীশ মহোদয়ে গদ্‌গদ্‌ হৈ মন্ত্ৰী বৰ্মনৰ কৃতিত্ব আৰু সাফল্যৰ কাহিনী শুনি মূৰ দুপিয়াই আছে৷ মই বুজি পালোঁ যে এইবাৰ মোৰ আৰু নিস্তাৰ নাই– বুঢ়াৰ হাতত চেঙেলী পৰিল!

আদালতৰ পৰা আহি ঘৰ পাই ঠাণ্ডা মগজুৰে ভাবিলো, ই কথাই কথা নহয়৷ কিবা এটা হেস্তনেস্ত কৰিব লাগিব! এসপ্তাহমানৰ পাছত মৰণত শৰণ দি গুচৰীয়া অৰ্থাৎ মন্ত্ৰী বৰ্মনক ফোন কৰিলোঁ– দাদা, কেনে আছে?

– আছোঁ দিয়ক৷ ভালেই আছোঁ৷ সিমূৰৰ পৰা উত্তৰ আহিল৷

ইটো-সিটো কথা পাতি মই লাহেকৈ ক’লোঁ– দাদা, নলবাৰীৰ কেছটো অকণমান চাবচোন! বেয়া নাপায় যদি উঠাই লওক আৰু!

– হ’ব দিয়ক৷ এইবোৰ ক’ৰ্ট-কাছাৰী এনেয়েও ভাল ঠাই নহয়৷ বৰ্মনে শান্ত কণ্ঠেৰে ক’লে৷ আপুনি কাগজ পঠিয়াই দিব, মই চহী কৰি দিম!

এই পৰ্যায়ৰ সৰল, উদাৰ মানুহ আছিল ডাঃ ভূমিধৰ বৰ্মন৷ গোচৰটো তেওঁ যদি প্ৰত্যাহাৰ নকৰিলেহেঁতেন, নলবাৰীৰ সেই মহামহিম বিচাৰকে মোক এসেকা নিশ্চয় দিলেহেঁতেন৷ কাৰণ পাছত গম পালোঁ, ন্যায়াধীশজনৰ প’ষ্টিং, ট্ৰেন্সফাৰত মন্ত্ৰী বৰ্মনেই সহায় কৰি দিছিল৷ গোচৰটো কৰ্টৰ বাহিৰত এইদৰে মিত-মাত হৈ গ’ল বুলি জানি ন্যায়াধীশ ডাঙৰীয়া চাগে হতাশেই হৈছিল৷

পিছে এনে উদাৰতা ক্ষমতাসীন ৰাজনৈতিক নেতাৰ পৰা খুব আশা নকৰিব৷ এবাৰ আন এজন কংগ্ৰেছী মন্ত্ৰীয়ে আমাৰ নিউজ চেনেলৰ বাতৰি এটাক লৈ দিল্লীত এনেভাৱে অভিযোগ কৰিলেগৈ যে ইনফৰ্মেচন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰীয়ে চেনেলটো ২৪ ঘণ্টাৰ বাবে ব্লেকআউট কৰি দিলে৷ তেওঁক আমি শত অনুৰোধ কৰিও ক্ষান্ত কৰিব নোৱাৰিলোঁ৷

দ্বীগেন বৰা আছিল প্ৰফুল্ল মহন্তৰ কেবিনেটৰ এক প্ৰভাৱশালী মন্ত্ৰী৷ এটা সময়ত বৰা ধনে-জনে ইমানেই শক্তিশালী হৈ পৰিল যে মুখ্যমন্ত্ৰী মহন্তই তেওঁক নিয়ন্ত্ৰণ কৰিব নোৱৰা হ’ল৷ উপায় নোহোৱাত মহন্তই তেওঁৰ ক্ষমতা কৰ্তন কৰিবলৈ ল’লে৷ বৰাৰ হাতত থাকোঁতে একাধিক গুৰুত্বপূৰ্ণ দপ্তৰ থাকিল, কিন্তু সাপো মৰক লাঠীও নাভাগক ধৰণে মহন্তই দপ্তৰসমূহৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিলে, বিভাগীয় মন্ত্ৰীলৈ গুৰুত্বপূৰ্ণ ফাইলবোৰ আৰু নোযোৱা হ’ল৷ ক্ষুদ্ধ দ্বীগেন বৰাই বিদ্ৰোহ আৰম্ভ কৰিলে৷ মুখ্যমন্ত্ৰী মহন্তৰ বিৰুদ্ধে মুকলিকৈ বিষোদ্‌গাৰ কৰা আৰম্ভ কৰিলে৷ এসময়ত মানুহক মাত এষাৰ দিবলৈ সুৰুঙা নোপোৱা দ্বীগেন বৰাৰ হাতত তেতিয়া অফুৰন্ত সময়৷ কাৰণ ওচৰে-পাঁজৰে থকা চেলা-চামুণ্ডাবোৰে মুখ্যমন্ত্ৰীৰ ভয়ত বৰাৰ সংগ এৰিছে, চৰকাৰী অনুষ্ঠানলৈও বৰাক খুব কমেইহে নিমন্ত্ৰণ দিয়া হয়!

এদিন মই নিশা চাৰে নমান বজাত ভাগৰে-জুগৰে আহি ঘৰ সোমাইছোঁ৷ অলপ সময়ৰ পাছতে টেলিফোনটো বাজি উঠিল৷ সিমূৰত মন্ত্ৰী দ্বীগেন বৰা– গোসাঁই শুলে নেকি? মই ক’লোঁ, ক’ত শুম এতিয়াই! অফিচ সামৰি আহি পাইছোঁহি মাত্ৰ৷ দ্বীগেন বৰাই ইটো-সিটো কৈ কথা আৰম্ভ কৰিলে– আমাৰ মহন্ত চাহাবৰ চেলা কেইটামানে হ’বলা আজি মোৰ বিৰুদ্ধে প্ৰেছ কনফাৰেন্স দিছিল? মই হয় বুলি জনোৱাৰ লগে লগে মন্ত্ৰীয়ে ক’লে– কিন্তু তেওঁলোকে খেতিয়কৰ পুতেক দ্বীগেন বৰা আজি লাখপতি কেনেকৈ হ’ল বুলি প্ৰশ্ন তুলি মোক অপমান কৰিব নালাগিছিল, কি কয়? মই কি উত্তৰ দিম ভাবি থাকোঁতেই সিমূৰত দ্বীগেন বৰাই পুনৰ উত্তেজিত হৈ কৈ উঠিল– মই লাখপতি? হেৰৌ মোৰ মাহিলি ইনকামেই দেখোন এক কোটি টকা! তেওঁলোকে মোক লাখপতি বুলি অপমান কৰিলে কিয়? মইতো কোটিপতি!

মই এহাতে ফোন ধৰি হু-হাকৈ শলাগি হাত-মুখ ধুলোঁ, ভাত খালোঁ, অলপ সময় চকীত বহি কথা পাতি পাতি বিছনাত পৰিলোঁ, এক্সটেনচনডাল টানি ফোনটো আঁঠুৱাৰ তললৈ আনি ল’লোঁ৷ সিমূৰত মন্ত্ৰীয়ে কৈ গৈছে– অসম আন্দোলনৰ সময়ত এবাৰ মহন্তই কি কৰিলে শুনক——! ঘড়ীত তেতিয়া এঘাৰ বাজিছে৷ এসময়ত মহন্তৰ পৰামৰ্শদাতা দ্বীগেন বৰাৰ এয়া বিদ্ৰোহী বিক্ষুব্ধ অৱতাৰ৷ যদি এতিয়া মই তেওঁক কাইলৈ কথা পাতিম বুলি ফোনটো থ’বলৈ কওঁ, প্ৰায় ক্ষমতাহীন হৈ অহা মানুহজনে মই অৱজ্ঞা কৰা বুলি অভিমানেই কৰিব পাৰে!

মোৰ চকু মুদ খাই আহিছে৷ এঘণ্টামান টোপনি গ’লোঁ, সাৰ পাই শুনো দ্বীগেন বৰাই সিমূৰত কৈ আছে, কোনেও নজনা কাহিনী এটা কওঁ শুনক– ’৮৭ত সেই যে আমাৰ বাৰটামান মন্ত্ৰীক মহন্তই কৰাপচনৰ অভিযোগত খেদি দিলে,তাৰ আঁৰৰ কাহিনী কি জানেনে… আন সময়ত দ্বীগেন বৰাৰ মুখত এই গোপন অপ্ৰকাশিত ঘটনাবোৰ হয়তো শুনি ভাল লাগিলহেঁতেন, কিন্তু সেই সময়ত মোৰ শৰীৰে টনা নাই, এহাতে ফোনটো ধৰি বাৰে বাৰে টোপনিত ঢলি পৰিছোঁ, কিমান সময় চকু মুদ খাইছিল নাজানো, এটা সময়ত সাৰ পাই দেখিলোঁ বাহিৰত পোহৰ হৈছে৷ সিমূৰত দ্বীগেন বৰাই সুধিছে– গোসাঁই কি হ’ল? মাতবোল নোহোৱা হ’ল যে? শুলে নেকি? মই চকু মোহাৰি ক’লোঁ, নাই শোৱা, কওক!

– কি ক’ম আৰু, পিছে আজি বহুত সময় কথা পাতিলোঁ দেই! মন্ত্ৰী বৰাই যেন হঠাৎ উপলব্ধি কৰিলে, অ’ ৰাতি পুৱালেই দেখোন! ৰাখোঁ দিয়ক, পিছে পৰে কথা হ’ম আকৌ৷

ময়ো সকাহ পাই ফোনটো থৈ দিনটো আৰম্ভ কৰিবলৈ ল’লোঁ৷ দুপৰীয়া কাৰ্যালয়লৈ গ’লোঁ৷ কিছু সময়ৰ পাছত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন আহিল, অলপ সময় পাছত মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত লাইনত আহিল৷ কটাক্ষ কৰাৰ দৰে মহন্তই মোক সুধিলে, গোটেই ৰাতি দ্বীগেনৰ লগত কি কথা পাতিলা? এইবাৰ মোৰ অবাক হোৱাৰ পাল! দ্বীগেন বৰাৰ সৈতেতো মুখ্যমন্ত্ৰীৰ মাতবোলেই নাই, এইটো খবৰ কোনে দিলে?

হেহোঁ-নেহোঁ কৰি মহন্তৰ ফোনটো থৈ পুনৰ দ্বীগেন বৰাক ফোন কৰিলোঁ– হেৰি বৰা, আপোনাৰ ফোন টেইপ হৈ আছে! চিএমে আপোনাৰ ফোন ৰেকৰ্ড কৰি আছে!

– বাদ দিয়কহে, প্ৰফুল্ল মহন্তই মোৰ ফোন ৰেকৰ্ড কৰিবলৈ সাহ কৰিব! এসোপা আধা-অশ্লীল মাত মাতি মন্ত্ৰীয়ে মোক সুধিলে– পিছে কিয় ক’লে ফোন টেইপিঙৰ কথা?

– অলপ আগেয়ে মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰি ওৰেনিশা আপোনাৰ লগত কি কথা পাতি আছিলোঁ সুধিলে৷ মহন্তই নিশ্চয় আপোনাৰ পিছত স্পাই লগাইছে, সাৱধান দেই!

দ্বীগেন বৰাই সেই সময়ত নেদেখুৱালেও অলপ যে চিন্তিত আৰু বিচলিত হ’ল বুজিব পাৰিলোঁ৷ মই অফিচৰ কামত ব্যস্ত হৈ পৰিলোঁ৷ আবেলি পুনৰ দ্বীগেন বৰাৰ ফোন আহিল, অলপ উল্লসিত– হেৰি, মহন্তৰ স্পাই কোন বিচাৰি পালোঁ নহয়!

– কোন?

– আপোনাৰ লগত ৰাতিপুৱা কথা পতা শেষ কৰি টুথব্ৰাছডাল লৈ মই ঘৰৰ পিছফালৰ ঘাঁহনিত খোজকাঢ়ি আছিলোঁ৷ মন্ত্ৰী বৰাই ব্যাখ্যা কৰি গ’ল– মোৰ কাষৰ কোৱাৰ্টাৰটোতে চন্দ্ৰ থাকে, তেৱোঁ পিছফালে দাঁত ব্ৰাছ কৰি আছে৷ মোক সুধিলে, উঠিলেই নেকি? মই বোলোঁ, শুলোঁ ক’ত উঠিবলৈ? গোটেই ৰাতি গোসাঁইৰ লগত ফোনতে আড্ডা মাৰি এই ব্ৰাছ কৰিছোঁ৷ আৰু চন্দ্ৰই নিজৰ নাম্বাৰ বঢ়াবলৈ এই কথাটোকে গৈ মুখ্যমন্ত্ৰীৰ কাণত দিলেগৈ৷ আচল স্পাই হ’ল আমাৰ চন্দ্ৰ!

কোনো ৰেকৰ্ড বুকত লিখা নাথাকিব পাৰে, কিন্তু এজন মন্ত্ৰী আৰু সাংবাদিকৰ মাজত সেয়াই আছিল বিশ্ব ইতিহাসৰ দীৰ্ঘতম টেলিফোনিক বাৰ্তালাপ৷ তাৰ সাক্ষী আজি ২৩ বছৰৰ পাছতো মন্ত্ৰী হৈ থকা স্বয়ং চন্দ্ৰমোহন পাটোৱাৰী!

Views: 42
Share this Article

Discussion

Back To Top
Search