Skip to content
Uncategorized

ৰাজনীতিৰ অলিয়ে-গলিয়ে [১৩]

প্ৰতিজন মানুহৰে নিজস্ব এটা গল্প থাকে৷ সেই গল্প কেতিয়াবা তেওঁ কোৱাৰ সুযোগ পায়, কেতিয়াবা নাপায়৷ আপুনি যদি তেওঁৰ সেই গল্প শুনিব নোখোজে তেতিয়া তেওঁক অবিচাৰ কৰা হয়, আৰু সাংবাদিক হিচাপে যদি আপুনি তেওঁৰ সেই কাহিনী উপেক্ষা কৰে, তেন্তে সেয়া হ’ব অধিক অবিচাৰ৷

কিমান যে মানুহ পালোঁ কোনোবা সাধু কোনোবা আততায়ী, কোনোবা সাফল্যৰ অত্যুচ্চ চূড়াত কোনোবা ব্যৰ্থতাৰ অটল গহ্বৰত, কোনোবা ক্ষমতাসীন কোনোবা ক্ষমতাচ্যুত,কোনোবা নায়ক কোনোবা খলনায়ক… সকলোৰে এটা ব্যক্তিগত গল্প আছে৷ আপোনালোকে শুনেনে বাৰু সেই গল্প?

বিষেণ সিং আছিল নগাঁৱৰ সন্ত্ৰাস৷ আক্ষৰিক অৰ্থতেই ভাৰাতীয়া খুনী৷ আমি তেতিয়া স্কুলৰ ছাত্ৰ, প্ৰায়েই শুনো বিষেণে তিনি-চাৰি হাজাৰ টকা লৈয়েই মানুহ মাৰি দিয়ে৷ অসমীয়া শিখ যুৱক বিষেণ সিঙ অপৰাধ কাহিনীক লৈ ইতিমধ্যে তেতিয়াৰ জনপ্ৰিয় আলোচনী ‘বিস্ময়’ৰ পাতত দুই-এটা কাহিনীও প্ৰকাশ হৈ গৈছে৷ গতিকে বিষেণ আমাৰ বাবে এটা ‘তাৰকা’ অপৰাধীয়েই৷ আকৰ্ষণৰ কেন্দ্ৰ। আটাইতকৈ ডাঙৰ কথা বিষেণে মাৰ্ডাৰ কৰে, মানুহক মৰিয়াই আধামৰা কৰে, আৰক্ষীয়ে ধৰি নিয়ে, আৰু কেইদিনমানৰ পাছতে মুকলি হৈ সি ছাৰ্টৰ বুতাম খুলি বুকু ফিন্দাই নগাঁৱৰ ৰাস্তাত ঘূৰি ফুৰে৷ কেতিয়াবা এনেকুৱাও হৈছে, আমি কলংপাৰৰ নেহৰুবালিত ফুটবল খেলি আছোঁ, বিষেণ ক’ৰবাৰ পৰা আহি হুমকি দি আমাৰ কোনোবা এটাক কয়– তই ওলা, মই খেলিম৷ আৰু হেলাৰঙে চাৰি-পাঁচটা গ’ল দি গুচি যায়৷ বিষেণৰ দৰে খুনী এটাক আমি ডিফেণ্ড কৰাৰ কথাই নাহে৷

কিন্তু এদিন শুনিলোঁ, বিষেণ সিঙৰ হঠাৎ হৃদয়-পৰিৱৰ্তন৷ বিষেণে হেনো খুন-হাংগামা সকলো বাদ দিলে৷ আৰু পাপকৰ্ম নকৰোঁ বুলি সি হেনো ৰাজহুৱা ঘোষণা কৰি দিছে৷ মানুহ লগ পালেই হাতযোৰ কৰি বিষেন বিনয়ৰ অৱতাৰ হৈ পৰিল– এতিয়া দেশ আৰু জাতিৰ কাম-কাজ কৰিম! লাহে লাহে আমাৰো বিষেণৰ প্ৰতি সেই আকৰ্ষণ নাইকিয়া হৈ পৰিল, লাহে লাহে হেৰাই গ’ল বিষেণ৷

বহুদিনৰ মূৰত গোলাঘাটৰ পিনে আলফা আৰু সেনাৰ এটা গুৰুতৰ সংঘৰ্ষ হ’ল৷ আলফাৰ এজন শীৰ্ষ নেতাসহ চাৰিজন নিহত হ’ল৷ আলফাই আনুষ্ঠানিকভাৱে এই হত্যাকাণ্ডক গৰিহণা দিলে আৰু চাৰিওকে শ্বহীদ ঘোষণা কৰিলে৷ পুৱা বাতৰিকাকতত চাৰিটা মৃতদেহৰ ছবি দেখি আমি চমকি উঠিলোঁ৷ গাত কেইবাটাও গুলীৰ আঘাত লৈ ধূলিয়ৰি মাটিত পৰি আছে সেই বিষেণ সিং৷ দুৰ্ধৰ্ষ অপৰাধী বিষেণ কেতিয়া যে স্বাধীনতাকামী বিদ্ৰোহী হৈ গ’ল সেই গল্পৰ আমি ওৰমোৰেই নাপালোঁ৷

গুৱাহাটীলৈ আহি ৰাজগড়ত কবি হীৰেন ভট্টাচাৰ্যৰ ঘৰৰ ওচৰতে আছিলোঁ কেইবছৰমান৷ হীৰুদা, আজি বাতৰিকাকতত ওলোৱা অমুক বাতৰিটো পঢ়িছেনে? বা আজি তমুকে লিখা প্ৰবন্ধটো চাইছেনে? হীৰুদাৰ নিৰ্লিপ্ত, নিৰস উত্তৰ– নাঃ, মইতো পেপাৰ নপঢোঁৱেই! গমেই নাপাওঁ কি ওলাইছে৷ নাজানো কিয় তেওঁ মিছা মাতিছিল। প্ৰায়ে দেখোঁ হীৰুদাই ৰাজগড়ৰ চিপিআই অফিচত বহি ঘণ্টাৰ পাছত ঘণ্টা বাতৰিকাকত পঢ়ি আছে৷ তন্ন তন্নকৈ পঢ়িছে স্থানীয় নিউজপেপাৰবোৰ৷ কলকাতাৰ কাকতৰ পৰা আৰম্ভ কৰি ডাকত অহা বিভিন্ন জাৰ্নেলো বাদ যোৱা নাই৷ বহুতে নাজানে, হীৰেন ভট্টাচাৰ্য বেছ কিছু বছৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সক্ৰিয় সদস্য আছিল৷ পাছত কিবা কথাত বীতশ্ৰদ্ধ হৈ পাৰ্টী এৰি দিয়ে৷ কিন্তু কমিউনিষ্ট পাৰ্টীৰ সদস্য হৈ থকাৰ সময়তেই বহু যুগজয়ী কবিতা তেওঁৰ কাপৰ পৰা নিগৰি ওলাইছিল৷

এদিন মোক হীৰুদাই তেওঁক এঠাইত ড্ৰপ্‌ কৰি দিবলৈ ক’লে৷ তেওঁ চিপিআই অফিচত ৰৈ থাকিব৷ যথা সময়ত গৈ দেখোঁ হীৰুদা মানুহ এজনৰ সৈতে আড্ডাত মচগুল৷ মই ৰাস্তাত স্কুটাৰ এৰি চিপিআই কাৰ্যালয়ৰ সন্মুখৰ কোঠাত বাতৰিকাকত আৰু ইখন-সিখন পত্ৰিকাৰ পাত লুটিয়াবলৈ ল’লোঁ৷ আলমাৰীৰ ওপৰত ধূলিয়ৰি কাকত-আলোচনীৰ দ’ম, তাৰ মাজৰ পৰা এটা কবিতা সংকলন মোৰ হাতলৈ আহিল– ছিলভিয়া প্লাটৰ৷ পাত লুটিয়াই দেখিলোঁ ১৯৬২ চনতে লিখা মাৰ্কিন কবি প্লাটৰ কবিতা, dying is an art…! নাজানো কিবা টেলিপেথী, নে কিবা প্ৰভাৱ নে অনুকৰণ… যেতিয়া হীৰুদায়ো লিখি উঠে সেই বিখ্যাত কবিতা– মৃত্যুওতো এটা শিল্প!

সেয়াতো এক আশ্চৰ্য ইতিহাস, কিদৰে ছিলভিয়া প্লাটৰ তীব্ৰ নিঃসংগতাবোধ আৰু আত্মবিনাশৰ শব্দবোৰ (dying is an art…) হীৰেন ভট্টাচাৰ্যৰ কলমত মৃত্যু জিনাৰ ‘গল্প’ হৈ নিগৰি আহিল৷কিন্তু হীৰুদাৰ ‘মৃত্যুওতো এটা শিল্প’ কবিতাৰ ইতিহাসত আটাইতকৈ অপব্যয় আৰু অপচয় হোৱা পংক্তি, অসম আন্দোলনেই হওক বা আলফাৰ ৰক্তাক্ত বিদ্ৰোহেই হওক- নিৰ্বিচাৰে ব্যৱহাৰ হৈছিল এই শব্দ-বন্ধ৷ প্ৰসঙ্গত মনত পৰিছে একেধৰণে অপচয় হোৱা হীৰুদাৰ আন এক পংক্তি–দেশ বুলিলে আদেশ নালাগে। কবি নবকান্ত বৰুৱাই ইয়াকে লৈ তীৰ্যক ভাৱে লিখিছিল-

সিহঁতে আদেশ পাইছে, হীৰু,

নহলে

তোমাৰ পৰা চিঙি নিব পাৰেনে বাৰু

তোমাৰ দেশ ,তোমাৰ প্ৰেম, আৰু

তোমাক?

নিজৰ সৃষ্টিৰ এনে চূড়ান্ত অপপ্ৰয়োগত হীৰুদা নিজেও কি ব্যথিত নাছিল?

মনত পৰিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কথাও৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘গল্প’ আছিল এখন ছ’চিয়েলিষ্ট সমাজ দেখাৰ৷ ‘মৃত্যুঞ্জয়’ৰ স্ৰষ্টাজন আছিল ৰাম মনোহৰ লোহিয়াৰ একান্ত ভক্ত– লাহে লাহে দেশ আৰু ৰাজনীতি কংগ্ৰেছৰ ঘোষিত সমাজবাদৰ লক্ষ্যৰ পৰা আঁতৰি যেতিয়া স্তাৱক, আদৰ্শহীন, পৰিয়ালকেন্দ্ৰিক দললৈ পৰ্যবসিত হ’ল, তেতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে মানুহবোৰ হতাশ আৰু বিভ্ৰান্ত হৈ পৰিল৷ তেওঁলোকৰ স্বপ্নৰ দেশ এইখন নাছিল৷ কিবা এটা কথাৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ খুব কাষত মই দুমাহমান কটাব লগা হৈছিল৷ জীৱনৰ শেষ সময়ছোৱা আদৰ্শগত বিভ্ৰান্তিত কটাইছিল জ্ঞানপীঠজয়ী সাহিত্যিকজন৷

অসম আন্দোলনৰ নামত বহুতে নিজৰ জীৱন-যৌৱনৰ বহু গুৰুত্বপূৰ্ণ সময় জলাঞ্জলি দিছিল৷ নিষ্ফল আন্দোলনক লৈ বহুতৰ মোহভংগ ঘটিছিল, চূড়ান্ত হতাশাত ভুগিছিল৷ নগাঁৱৰ স্থানীয় আছু নেতা কন্দৰ্প শইকীয়া আছিল তেনে এজন মানুহ৷ ক্ষমতা বা টকা নহয়, তেওঁৰ চখ আছিল সাংস্কৃতিক– খুব আশা আছিল এখন অসমীয়া চিনেমা নিৰ্মাণৰ৷ এটা সময়ত আৰ-তাৰ পৰা ধাৰ লৈ ‘বিস্ফোৰণ’ নামৰ এখন ছবি তেওঁ নিৰ্মাণো কৰিছিল৷ স্বাভাৱিকতে চিনেমাখন বেয়াকৈ ‘ফ্লপ্‌’ হ’ল, ডিঙিলৈকে ধাৰ লাগিল কন্দৰ্পদাৰ৷ এদিন নিশা ১২মান বজাত কাম শেষ কৰি গণেশগুৰিয়েদি উভতিছোঁ, দেখিলোঁ মূৰত বাচন-বৰ্তন, কেৰাহী আদি তুলি কন্দৰ্পদা গৈ আছে৷ মই সুধিলোঁ, কি কৰি আছে? বোলে, সংস্কৃতি অসমীয়া মানুহে বুজি নাপায়, এতিয়া ব্যৱসায়ত নামিছোঁ৷ চাহৰ দোকান দিছোঁ, এয়া বস্তু-বাহানি সামৰি ঘৰলৈ উভতিছোঁ–বানিজ্যে বসতে লক্ষ্মী!

সেই ব্যৱসায়ো নচলিল৷ আচৰিত কথা, কন্দৰ্পদাৰ চাহ দোকানৰ মাথোঁ আধা কিলোমিটাৰ দূৰৈত এসময়ৰ সহআন্দোলনকাৰী প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰীৰ বাসভৱন৷ সেই আধা কিলোমিটাৰ আৰু কন্দৰ্পদাই আগবাঢ়ি যাব নুখুজিলে৷

এদিন মোৰ ৰাজগড়ৰ ভাৰাঘৰত কন্দৰ্পদা বহি আছে, হতাশ বিধবস্ত ৰূপত –কি কৰোঁ মনোজ, এতিয়া মোৰ হাতত ফুটাকড়ি এটাও যে নাই৷ সেই সময়ত মোৰ তালৈ প্ৰায়েই আহিছিল দুই বিশিষ্ট ব্যৱসায়ী ব্লু হিল্‌ছ ট্ৰেভেল্‌ছৰ মালিক ৰবীন দত্ত, মহানগৰীৰ এটা স্থানীয় বেংকৰ চেয়াৰমেন সুৰেন বৰা আদি৷ নাজানো কিয়, হয়তো সৰু ল’ৰা বুলি তেতিয়া তেওঁলোকে মোক বৰ মৰম কৰিছিল৷ অ’লৈ-ত’লৈ লৈ গৈছিল৷

মই চিনাকি কৰাই দিলোঁ, কন্দৰ্প শইকীয়া– ব্যৱসায়ী আৰু চিনেমা প্ৰযোজক! মোৰ লগতে কন্দৰ্পদাও ৰবীন দত্ত, সুৰেন বৰাৰ লগত হোটেল বেলিভিউলৈ গ’ল৷ বেলিভিউৰ কোঠাত ৰবীন দত্তদাহঁতে আৰু দুজনমান মানুহৰ সৈতে ব্যৱসায় সংক্ৰান্তীয় আলোচনা কৰি আছিল৷ মই আৰু কন্দৰ্পদা নীৰৱ দৰ্শক– মাজে মাজে পানীয় সেৱন কৰা হৈছে৷ আলোচনা শেষ হ’ল৷ অভ্যাগতকেইজন গ’ল৷ পৰিৱেশ-পৰিস্থিতি দেখি কন্দৰ্পদা ইতিমধ্যেই বেলেগ পৃথিৱী এখনলৈ গুচি গৈছে৷ ডিনাৰ ছাৰ্ভ কৰাৰ আগে আগে মই কানে কানে কন্দৰ্পদাৰ দুৰৱস্থাৰ কথা কওতে ৰবীন দত্তই অলপ সহানুভূতিৰ সুৰত কপৰ্দকশূন্য কন্দৰ্পদাক পৰামৰ্শ দি ক’লে, শইকীয়া আপুনি এই কাৰবাৰটোত নামিব পাৰে৷ আমি সহায় কৰি দিম বাৰু৷ আপোনাৰ নাই নাই বুলি বছৰত ৩০-৪০ লাখ টকা হাতলৈ আহিব! কিন্তু

কন্দৰ্পদা তেতিয়ালৈ এখন ৰঙীণ জগতত বিচৰণ কৰিছে, তেওঁ সমুখত থকা দুয়োজন বিশিষ্ট ব্যৱসায়ীক অলপ টান সুৰতেই ক’লে– কি ৩০/৪০ লাখ টকাৰ কথা কৈ আছেহে৷ ইমান সৰু কামৰ কথা নকব দেই! পাৰে যদি ৩০০/৪০০ কোটিৰ কথা কওক! দুয়োজনেতো তবধ মানিলেই, ময়ো স্তম্ভিত৷ যি কন্দৰ্পদাই কিছু সময় আগলৈকে নিজৰ দৈন্যদশাৰ কথা কৈ আছিল, হাতত ফুটাকড়ি এটাও নাই বুলি দুখ কৰিছিল, তেওঁ এতিয়া ৩০০-৪০০ কোটিৰ তললৈ ননমায়েই হ’ল!

ভূপেন হাজৰিকাক লৈ এই কাহিনী আজিলৈকে মই কাকো কোৱা নাই৷ তেতিয়া ভূপেনদা খুব অসুস্থ৷ এদিন মুম্বাইলৈ যাওঁতে আন্ধেৰী ইষ্টৰ ভূপেনদাৰ ঘৰলৈ গ’লোঁ৷ ৯০০ স্কোৱেৰ ফুটৰ এপাৰ্টমেণ্টটোৰ সৰু কোঠা এটাৰ বিছনাত সেই বিশাল ব্যক্তিত্ব শুই আছে৷ আগৰ প্ৰাণচাঞ্চল্য নাই, কথাও খুব কম কৈছে৷ কিছু সময় বহাৰ পাছত মোলৈ চাই ভূপেনদাই সুধিলে– অসমলৈ কেতিয়া উভটিবা ?তাৰ পাছত স্বগতোক্তি কৰাৰ দৰে অস্পষ্ট কৈ কৈ উঠিল– মই মৰিলে অসমত মানুহ গোট খাবনে? মানুহে খবৰ ল’বলৈ আহিবনে?

শেষ কালত খুব হতাশা, নিৰাপত্তাহীনতাত ভুগিছিল ভূপেনদা৷ অসমৰ মানুহে তেওঁক পাহৰি পেলাইছে নেকি, সেই উদ্বেগো আছিল৷ মৃত্যুৰ পাছত জজ ফিল্ডত ভূপেনদাক শেষ সন্মান যাচিবলৈ হাজাৰ হাজাৰ মানুহৰ সৰ্পিল শাৰী দেখি মই মনে মনে ভাবিছিলোঁ, ভূপেনদাৰ আত্মাই শান্তি পাইছে চাগে! আবেগবিহ্বল অসমবাসীকো মনে মনে জনাইছিলোঁ ধন্যবাদ৷

সৌৰভ চলিহাৰ গল্প আছিল কোনো অশান্ত ইলেক্ট্ৰন, বাৰকাৰল বা বাসন্তিকা নহয়, তেওঁৰ প্ৰকৃত গল্প আছিল ‘মাতো’ক লৈহে৷ব সৌৰভ চলিহাৰ একমাত্ৰ কন্যা বৰ্ণালী, যাৰ ঘৰত মাতা নাম মাতো– মানসিক প্ৰতিবন্ধী, আজিকালি যাক কোৱা হয় বিশেষভাৱে সক্ষম৷

এদিন ঘৰৰ বাৰাণ্ডাত চিগাৰেট হুঁপি হুঁপি বিমৰ্ষকণ্ঠে সৌৰভ চলিহাই মোক ক’লে, মাতোৰ কি হ’ব! আমি দুটা নাথাকিলে মাতোৰ কি হ’ব? মাতোৰ বয়স সেই সময়তেই প্ৰায় ৪০ বছৰ পাৰ হৈ গৈছে, কিন্তু ৪-৫ বছৰীয়া সৰু ছোৱালীৰ দৰে তাইৰ মস্তিষ্ক৷ কণমানি এজনীৰ দৰে তাই পুতলা খেলে, টিভিত কাৰ্টুন চায়, থেন্‌থেনাই মাটিত বাগৰি কান্দে৷ আমাক দেখিলে চকলেট বিচাৰে৷ সৌৰভ চলিহাৰ মৃত্যু হ’ল, কিছুদিনৰ পাছত বাইদেৱো ঢুকাল; মাতোৰ কি হ’ল? এতিয়া চাগে তাইৰ ৫০ বছৰ পাৰ হ’ল, শুনিছোঁ গোৱালপাৰাৰ কোনো আত্মীয়ৰ ঘৰত আছে মাতো, কেতিয়াবা কাৰোবাৰ মুখত শুনো কোনো আশ্ৰয়গৃহত আছে তাই– সৌৰভ চলিহাৰ পৰিয়ালৰ শেষ প্ৰতিনিধি আজি নীৰৱে হেৰাই গ’ল৷ কোনে বুজিব এই নিলিখা ‘গল্প’ লৈয়েই সৌৰভ চলিহাই গভীৰ বেদনাত শেষ দিনবোৰ পাৰ কৰিছিল৷

লখিমপুৰৰ সান্দহখোৱা অঞ্চলৰ অখ্যাত গাঁৱৰ দৰিদ্ৰ এটা পৰিয়ালৰ যুৱক গুণীৰাম৷ গান গাই ভাল পোৱা গুণীৰামকাই আমাক লগ পালেই কৈছিল ভূপেন হাজৰিকাৰ কথা৷ কেইবাদশকৰো আগৰ কথা, ভূপেন হাজৰিকাই লখিমপুৰৰ পৰা ইলেকচন খেলিছিল৷ খ্যাতিৰ মধ্যগগনত নহ’লেও ভূপেন হাজৰিকা তেতিয়াও যথেষ্ট জনপ্ৰিয়৷ ইলেকচনত ভূপেন হাজৰিকাক সহায় কৰা বহু মানুহৰ মাজত গুণীৰামো আছিল এজন– জীপ গাড়ীত উঠি নিৰ্বাচনী প্ৰচাৰ, শোভাযাত্ৰা-সমদলত ভূপেন হাজৰিকাৰ সংগী আছিল গুণীৰাম৷ ভূপেন হাজৰিকাই গীত গাই গাই প্ৰচাৰ কৰে, ভাগৰ লাগিলে গীত গাবলৈ এৰি দিয়ে গুণীৰামহঁতক– মদাৰৰে ফুল হেনো পূজাতো নালাগে, লাগে পিছে সমাজতে ৰং সানিবলৈ…৷

গুণীৰামকায়ে লগ পালেই আমাক সেই স্মৃতি দোহাৰি কয়– বুজিছা, ভূপেনদাই মোক সদায় শলাগিছিল, গুণীৰাম তোমাৰ মাতটো বৰ শুৱলা৷ আৰু কিযে তোমাৰ গলা! তামোল খাই ওঁঠ ৰাঙলী কৰি ৰখা গুণীৰামকায়ে আমাক কৈ যায়– আৰু জানানে, ভূপেনদাই মোক কি কৈছিল? গুণীৰাম, লখিমপুৰত বহি থাকিলে নহ’ব! ইলেকচনৰ পাছত তুমি গুৱাহাটীলৈ যাব লাগিব৷ ৰেডিঅ’ত গান গাব লাগিব!

ইলেকচনত ভূপেন হাজৰিকা জিকিল৷ এফালে সফল ৰাজনীতিবিদ, আনফালে জনপ্ৰিয় সংগীতশিল্পী ভূপেন হাজৰিকাই আৰু উভতি চাবলগীয়া নহ’ল৷ গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই… ভূপেন হাজৰিকাৰ গানে, ভূপেন হাজৰিকাৰ গুণে সকলোকে মুগ্ধ কৰি পেলালে৷ তেওঁৰ নিত্য-নতুন গীত, সুৰ, সৃষ্টিশীলতা দশোদিশ বিয়পি গ’ল৷ গীত গাই কঁপাম দিগন্ত বুলি ভূপেন হাজৰিকা এদিন অসমৰ বাহিৰলৈ গ’লগৈ৷ এজন ঐশ্বৰিক প্ৰতিভাধৰ গায়কৰ সেয়া আছিল অপ্ৰতিৰোধ্য সাংগীতিক যাত্ৰা৷

ইফালে লখিমপুৰৰ সেই অখ্যাত গাঁৱত গুণীৰামকাই ৰৈ থাকে৷ গাঁৱৰ লৰাহতেঁ ইয়াৰ্কি মাৰে, কি হল গুনীৰামকাই—ভূপেন হাজৰিকাৰ ফোন অহা নাই নেকি এতিয়াও! সময় পাৰ হৈ যায়৷ গুণীৰামৰ চুলি ৰূপালী হৈ পৰে, বয়সৰ চাপত শৰীৰ ভাগি পৰিছে৷ গান সুৰৰ মোহত বিয়া-বাৰুও কৰোৱা নহ’ল৷ কিন্তু গুণীৰামকাইৰ জীৱনৰ গল্প সেই ভূপেন হাজৰিকাকেন্দ্ৰিক! গাঁৱে ভূঞে ঘুৰি ভূপেন হাজৰিকাৰ গীতবোৰ গাই ফুৰে।কেতিয়াবা লখিমপুৰলৈ গ’লে যদি গুণীৰামকাইক লগ পাওঁ, খুব আগ্ৰহেৰে ভূপেনদাৰ খবৰ লয়৷ কেনে আছে ভূপেনদা? লগ পোৱানে? মোৰ কথা সোধেনে?

এদিন কলকাতাত ভূপেনদাক বহু সময় অকলে লগ পাই মই সঁচাকৈ কৈয়েই পেলালোঁ, গুণীৰামে আপোনাৰ কথা সদায় সুধি থাকে৷

– কোন গুণীৰাম?

– সেই যে লখিমপুৰৰ, সান্দহখোৱাৰ৷ আপোনাৰ ইলেকচনৰ সময়ত একেলগে হেনো গান গাই ফুৰিছিল!

– ‘আয়ৈ দেহি’ বুলি ভূপেনদাই স্বভাৱসিদ্ধ ভংগীৰে কথাটো সামৰি আন কথা উলিয়ালে৷ তেতিয়া ভূপেনদা ভীষণ ব্যস্ত মানুহ, ইমান পুৰণি কথা মনত নাথাকে৷

শেষবাৰ গুণীৰামকাইক লগ পালোঁ যেতিয়া, তেতিয়া তেওঁৰ খুব অসুখ৷ কেঞ্চাৰ হৈছে কণ্ঠনলীত৷ মাত-কথা নোলায়েই৷ উৰুখা পঁজাটোত অন্ধকাৰ এচুকত তেওঁ পৰি আছে৷ সেই অৱস্থাতো মোক দেখি যেন তেওঁৰ চকু-মুখ উজলি উঠিল৷

– কেনে আছা গুণীৰামকাই?

– বৰ কষ্ট৷ তেওঁ কোৱাৰ চেষ্টা কৰিলে৷ মুখৰ পৰা শব্দ নোলায়৷ অলপ পাছতে তেওঁ সুধিলে, ভূপেনদাক লগ পাইছানে? মোৰ কথা সুধিছিলনে?

– সুধিছিল৷ মই সাজু হৈয়েই আছিলোঁ এই প্ৰশ্নৰ বাবে৷ ভূপেনদাই তোমাৰ খবৰ লৈছিল৷ মই গল্প সজা আৰম্ভ কৰিলোঁ৷ ভূপেনদা লখিমপুৰলৈ আহি তোমাক লৈ যাবহি৷ চিন্তা নকৰিবা গুণীৰামকাই, তুমি ভাল হৈ যাবা৷ আকৌ গান গাবা৷ ভূপেনদাই কৈছে, ইমান সুন্দৰ তোমাৰ গলা, ইমান সুৰীয়া তোমাৰ মাত…

গুণীৰামকাইৰ শীৰ্ণ মুখ যেন উদ্ভাসিত হৈ উঠে৷ উত্তেজনাত যেন তেওঁ মোৰ হাত খামুচি ধৰে– আহিব? সঁচানে?

– আহিব৷ মই মনে সজা গল্পবোৰ কৈ যাওঁ৷ ভূপেন হাজৰিকা আহি তোমাক লৈ যাব, তুমি ৰেডিঅ’ত গান গাবগৈ লাগিব নহয়।গুণীৰামকাইৰ শৰীৰলৈ যেন হঠাৎ জীৱনীশক্তি ঘূৰি আহে, ভগ্ন কণ্ঠৰেই তেওঁ গাই উঠে, আকাশীগংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ…৷ সেই প্ৰায়ান্ধকাৰ জুপুৰিৰ তলত মুমূৰ্ষু গুণীৰামকাইৰ সৈতে ময়ো সুৰ মিলাওঁ– নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ, আকাশীগংগা বিচৰা নাই…

দুমাহমান পাছত গুণীৰামকাই ঢুকোৱাৰ খবৰ পালোঁ৷

Views: 117
Share this Article

Discussion

Back To Top
Search